পবিত্ৰ ঈদৰ দিনটোতো নিমাওমাও মছজিদৰ চৌহদ

83

সমৰ দেৱনাথ, হোজাইঃ আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল আজহা। পূৰ্বে ঈদ বুলি ক’লেই যেন ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে এটা বিশেষ দিন। মছজিদত সমুহীয়া নামাজ আদায় কৰাৰ পৰা ইজনে আনজনক সাৱটি শুভেচ্ছা জ্ঞাপন কৰালৈ সকলোতে বিৰাজ কৰে আনন্দই। কিন্তু যোৱা দুটা বছৰে সমগ্ৰ বিশ্বত দেখা দিয়া কোভিড মহামাৰীৰ আতংকই যেন স্তব্ধ কৰি পেলাইছে পবিত্ৰ ঈদ মুক্ত মনে উদযাপনৰ বাট।

চলিত বৰ্ষতো কোভিড পৰিস্থিতিৰ বাবে ঈদ পালনত বাধা-নিষেধাজ্ঞা আৰোপ কৰিছে চৰকাৰ-প্ৰশাসনে। যাৰ পৰিপ্ৰেক্ষিতত এইবাৰো ইছলাম ধৰ্মাৱলম্বী লোকসকলে আনন্দ-স্ফূৰ্তিৰ মাজেৰে পালন কৰিব পৰা নাই তেওঁলোকৰ বিশেষ দিনটো।

মছজিদত নামাজ আদায়ত চৰকাৰে এইবাৰো নিষেধাজ্ঞা জাৰি কৰাৰ পিছতে উৰুঙা হৈ পৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে থকা মছজিদৰ চৌহদ। সেই একেই পৰিস্থিতি দেখা পোৱা গৈছে হোজাই জিলাতো। জিলাখনৰ ইছলামধৰ্মী লোক অধ্যুষিত অঞ্চলসমূহত এইবাৰো লোকসকলে মছজিদত নামাজ আদায় কৰাৰ পৰিবৰ্তে ঘৰতে পৰিয়ালৰ সৈতে আদায় কৰিছে নামাজ।