পদ্মশ্ৰী সন্মান বিজয়ী উদ্ধৱ ভৰালীৰ বিৰুদ্ধে উত্থাপিত হৈছে যৌন নিৰ্যাতনৰ অভিযোগ।
ভৰালীয়ে তুলি লোৱা এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত অসম আৰক্ষীয়ে গোচৰ ৰুজু কৰে উদ্ধৱ ভৰালীৰ বিৰুদ্ধে।
জিলা আইনী সেৱা কৰ্তৃপক্ষৰ দ্বাৰা অৱগত কৰা মুখ্য ন্যায়িক দণ্ডাধীশৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইনৰ (POCSO) অধীনত এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে।
এজাহাৰ অনুসৰি, কিশোৰীগৰাকীক যোৱা এটা বছৰ ধৰি যৌন নিৰ্যাতন চলাই আহিছিল উদ্ধৱ ভৰালীয়ে।
ইফালে, গুৱাহাটী উচ্চ ন্যায়ালয়ে অভিযুক্তজনক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে।
জামিন মঞ্জুৰ কৰোঁতে ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীয়ে অভিযুক্তৰ দ্বাৰা সংঘটিত কৰা কথিত অপৰাধ ‘গুৰুতৰ প্ৰকৃতিৰ’ বুলি অভিহিত কৰে।
আনফালে ভুক্তভোগী কিশোৰী গৰাকী বৰ্তমান বিশেষ আৰক্ষী সুৰক্ষাৰ অধীনত এটা শিশু গৃহত আছে।
উল্লেখ্য যে, ১১৮ টাৰো অধিক আৱিষ্কাৰৰ বাবে ২০১৯ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল উদ্ধৱ ভৰালীক।