ষ্টাফৰিপৰ্টাৰ, ১, জুন : সদৌ অসম হোটেলিয়াৰ্ছ সন্থাৰ সকলো
কৰ্মকৰ্তাই সোমবাৰে গুৱাহাটীৰ বিভিন্ন স্থানত ছেনিটাইজাৰ বিতৰণ কৰে। সমাজৰ দুখীয়া লোকৰ মাজত ছেনিটাইজাৰ সমূহ বিতৰণ কৰাৰ
লগতে কৰ’না ভাইৰাছৰ সম্পৰ্কে সাৱধানতা অৱলম্বন কৰাৰ বাবে সজাগতামূলক পত্ৰিকাও বিতৰণ কৰে। এই সম্পৰ্কে সদৌ অসম হোটেলিয়াৰ্ছ সন্থাৰ সভাপতি ৰাজকমল বৰাই কয় ” আমি সদৌ অসম হোটেলিয়াৰ্ছ সন্থাৰ সকলো কৰ্মকৰ্তাই অসম চৰকাৰৰ আবকাৰী বিভাগৰ উদ্যোগত “ক’ভিড -১৯” ৰ বিৰুদ্ধে কৰি অহা যুদ্ধখনত জয়ী হ’বলৈ মহানগৰীৰ পাঞ্জাবাৰীস্থিত বিপণন ক্ষেত্ৰ,ছয়মাইল,বৰবাৰী আৰু বেলতলা বজাৰৰ পদপথৰ শাকপাচলি আৰু অত্যাবশ্যকীয় সামগ্ৰীৰ ব্যৱসায়ী সকলক একোটাকৈ বিশ্ব স্বাস্থ্য সংস্থাৰ বিধি সন্মত ভাবে প্ৰস্তুত কৰা হেণ্ড ছেনিটাইজাৰ বিতৰণ কৰোঁ। লগতে সমাজৰ প্ৰতিজন নাগৰিকক নিৰাপদে ৰাখিবৰ বাবে সকলোৰে সহায় সহযোগিতা বিছাৰিছো।মহামাৰীৰ এই সংকটৰ সময়তো ঈশ্বৰৰ ওচৰত সকলোৰে সুস্বাস্হ্য আৰু দীৰ্ঘায়ু কৰিলোঁ।”
