পদত্যাগ কৰিলে কানাডাৰ প্ৰধানমন্ত্ৰীয়ে

29

পদত্যাগ কৰিলে কানাডাৰ প্ৰধানমন্ত্ৰীয়ে। দীৰ্ঘদিনীয়া বিবাদৰ অন্তত পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে জাষ্টিন ট্ৰুডোয়ে। প্ৰধানমন্ত্ৰী পদৰ লগতে তেওঁ দলৰ নেতাৰ পদো ত্যাগ কৰে। চৰকাৰ আৰু ব্যক্তিগত আলোচনাৰ পাছত তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে।উল্লেখ কৰা প্ৰয়োজন যে, কানাডত মূল্য়বৃদ্ধি, চৰকাৰী চাকৰিৰ অভাৱ, মন্দাৱস্থাকে ধৰি বিভিন্ন কাৰণত দেশৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল। আনৰি লিবাৰেল পাৰ্টিৰ বহু নেতাই বিচাৰিছিল ট্ৰুডোৱে পদত্যাগ কৰাতো। তেওঁলোকৰ মতে প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিলে ২০২৫ চনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত দলে প্ৰধানমন্ত্ৰী পদৰ বাবে নতুন মুখ লাভ কৰিব ।ট্ৰুডোৱে পদত্যাগৰ সময়ত দুখ প্ৰকাশ কৰি কয় যে, তেওঁ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কানাডাৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ সংস্কাৰ সাধন কৰাত ব্যৰ্থ হৈছে। পদত্যাগৰ পাছতেই কানাডাৰ সংসদক ২৪ মাৰ্চলৈ স্থগিত কৰা হৈছে আৰু নীতি অনুসৰি ইয়াৰ পূৰ্বে দলটোৱে নতুন নেতা বাচনি কৰিব লাগিব।