পথ পাৰ হ’বলৈ লওতেই দুৰ্ঘটনাত মৃত্যু দুই মহিলা ছফ্টৱেৰ কৰ্মীৰ

79

চেন্নাইৰ আই টি কৰিড’ৰত নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় দুগৰাকী মহিলা ছফ্টৱেৰ কৰ্মীয়ে। নিশা কৰ্তব্যস্থলীৰ পৰা ঘৰলৈ ওভতাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে, এইচ চি এল ষ্টেট ষ্ট্ৰীট চাৰ্ভিচত বিশ্লেষক হিচাপে কৰ্মৰত লাৱণ্য (২৩) আৰু লক্ষ্মী (২৩)য়ে নিশা প্ৰায় ১১.৩০ বজাত কৰ্মস্থলীৰ পৰা ঘৰলৈ ওভতাৰ সময়ত পথ পাৰ হ’বলৈ লওতেই এখন দ্ৰুতবেগী বাহনে তেওঁলোকক মহতিয়াই নিয়ে।

যাৰ ফলত লাৱণ্যৰ থিতাতে মৃত্যু ঘটে। আনহাতে আৰক্ষীয়ে লক্ষ্মীক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে কেৰালাৰ পালাক্কাডৰ নিৱাসী লক্ষ্মীয়েও। নিহত লাৱণ্যৰ ঘৰ অন্ধ্ৰপ্ৰদেশৰ চিট্টুৰত বুলি জানিব পৰা গৈছে।

ইফালে ঘটনাৰ পিছতে আৰক্ষীয়ে অভিযুক্ত বাহন চালক মোঠীশ কুমাৰ (২০)ক গ্ৰেপ্তাৰ কৰিছে। দুৰ্ঘটনাটোৱে শোকৰ ছাঁ পেলাইছে অঞ্চলটোত।