পথ দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে ৫ গৰাকী ইউটিউবাৰে…

66

দৰং জিলাৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত এক শোকাবহ পথ দুৰ্ঘটনাত দেওবাৰে ৫ জনকৈ লোক নিহত হোৱাৰ লগতে ৩ জন আহত হয়। ইউটিউব চেনেলৰ বাবে ভিডিঅ’ৰ দৃশ্যগ্ৰহন কৰি আহি থকাৰ সময়ত ইউটিউবাৰ কেইজনৰ বাহনত বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী ট্ৰাকে খুন্দা মৰাত এই দুৰ্ঘটনা সংঘটিত হয়।

নিহত সকলক ফৰিদুল ইছলাম, আজাদ আলী, ইব্ৰাহিম আলী, ছানিয়া আখটাৰ আৰু মনোৱাৰা বেগম বুলি চিনাক্ত কৰা হৈছে। ছানিয়া আখটাৰ আৰু তেওঁৰ মাতৃ মনোৱাৰা বেগম দয়াপামৰ বাসিন্দা আছিল। ফৰিদুল ইছলাম, আজাদ আলী, ইব্ৰাহিম আলী তিনিওজন শ্যামপুৰৰ বাসিন্দা। তিনিওজনৰ এছআৰ অফিচিয়েল নামেৰে এটা ইউটিউব চেনেল আছিল।

ইউটিউবাৰ কেইগৰাকীয়ে তেওঁলোকৰ ইউটিউব চেনেলত আপলোড কৰিবলৈ ভিডিঅ’ দৃশ্যগ্ৰহণৰ বাবে বাহিৰলৈ গৈছিল। ইফালে, ছানিয়াক তেওঁলোকে ভিডিঅ’ শ্বুটৰ বাবে নিয়োগ কৰিছিল। ছানিয়া আখটাৰৰো ‘এছএইচ প্ৰডাক্ট’ নামৰ এটা ইউটিউব চেনেল আছিল। 

ইফালে দুৰ্ঘটনাত আহত হোৱা আন সকলক মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। পিছত, তেওঁলোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ (জিএমচিএইচ) স্থানান্তৰ কৰা হয়।