পথাৰ আমাৰ , বজাৰ আমাৰ শীৰ্ষক অভিযান “

111

ষ্টাফৰিপৰ্টাৰ, অসম পশুধন নিগমৰ উদ্যোগত “আত্মনিৰ্ভৰ অসম”ৰ লক্ষ্যৰে প্ৰায় দুই শতাধিক যুৱক- যুৱতীক লৈ আৰম্ভ কৰা হৈছে আত্মনিৰ্ভৰশীলতাৰ এক অভিযান ।লাজ , খেদ পৰিহাৰ কৰি গুৱাহাটীত বজাৰ দখলৰ উদ্দেশ্যৰে আৰু ৰাজ্যৰ অৰ্থনীতি ৰাজ্যতেই ৰখাৰ অংগীকাৰেৰে ওলাই আহিছে এই সকল যুৱক যুৱতী । কোনোবা যদি উচ্চ ডিগ্ৰীধাৰী , কোনোবা জন আকৌ অভিযন্তা অথবা চিকিৎসক , কোনোবাজন যদি সংগীত শিল্পী আন কোনোবাজন শ্ৰমজীৱি যুৱক , আকৌ কোনোবাজন বিশ্ববিদ্যালয় কিম্বা মহাবিদ্যালয়ৰ ছাত্ৰ ।
আমি দেখি অহা সপোন এটা বাস্তৱায়িত কৰিবলৈ কৰা আন্তৰিক প্ৰয়াসৰ ফলশ্ৰুতিতেই সাম্প্ৰতিক সময়ত সংস্থাপনহীন হোৱা এইসকল যুৱক যুৱতীক লৈয়ে আৰম্ভ কৰা হৈছে এই অভিযানৰ । স্বাস্থ্য সন্মত মাংস আৰু দুগ্ধজাত সামগ্ৰী ৰাইজৰ মাজত উপলব্ধ কৰি স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িছে এইসকল যুৱক- যুৱতী । ৰাজপথৰ আন্দোলনক কৰ্মৰ জৰিয়তে আগবঢ়াই নিবলৈ বদ্ধপৰিকৰ এইসকল যুৱক- যুৱতী । শনিবাৰে এই যুৱক যুৱতীকল সকলৰ সৈতে অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই মত বিনিময় কৰাৰ লগতে এই অভিযানক সাৰ্থক ৰূপ দিবলৈ পদক্ষেপ গ্ৰহন কৰে।