পত্ৰ লিখি ৰাজ্যপালক সংবিধানৰ ভিতৰত থাকি কাম কৰিবলৈ পৰামৰ্শ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ

91

ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শনিবাৰে ৰাজ্যপাল জগদীপ ধনখড়লৈ পত্ৰ লিখি তেওঁক সংবিধানৰ ভিতৰত থাকি কাম কৰিবলৈ পৰামৰ্শ দিয়ে। ৰাজ্যপালগৰাকীয়ে পশ্চিমবংগৰ আইন ব্যৱস্থাক লৈ ডিজিপি বীৰেন্দ্ৰলৈ পত্ৰ লিখাৰ পিছতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ ৰাজ্যপাললৈ পত্ৰ লিখে আৰু নিজৰ ক্ষোভ জাহিৰ কৰে।

ৰাজ্যপাল জগদীপ ধনখড়লৈ লিখা ৯ পৃষ্ঠাৰ পত্ৰখনত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ৰাজ্যপালে দেখুওৱা আক্ষেপত আৰক্ষী আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এক অস্পৃষ্ট ধাৰণা আৰু কটাক্ষ স্পষ্ট হৈ পৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, ‘মই আপোনাৰ পত্ৰখন আৰু আৰক্ষী মহানিৰ্দেশকক লৈ কৰা টিপ্পনী পঢ়াৰ পিছত খুব দুখী আৰু উদাস হৈ পৰিছো। ইয়াৰ লগতে আপোনাৰ টুইটাৰ পোষ্টটো দেখিও দুখ অনুভৱ হৈছে। সংবিধানৰ ধাৰা ১৬৩ অনুসৰি, আপুনি মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীপৰিষদৰ সহযোগিতা আৰু পৰামৰ্শ গ্ৰহণ কৰি কাম কৰাটো আৱশ্যক। এয়াই আমাৰ গণতন্ত্ৰৰ আধাৰ।’ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে লিখিছে, ‘ক্ষমতাৰ সীমা অতিক্ৰম কৰি মুখ্যমন্ত্ৰী পদক উপেক্ষা কৰা আৰু ৰাজ্যৰ বিষয়াসকলক আদেশ দিয়াৰ পৰা আপুনি বিৰত থকা উচিত।’

উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিতে পশ্চিমবংগ আৰক্ষীৰ ডিজিপি বীৰেন্দ্ৰলৈ পত্ৰ লিখি ৰাজ্যপাল ধনখড়ে ৰাজ্যৰ আইন ব্যৱস্থাক লৈ চিন্তা জাহিৰ কৰিছিল। ইয়াৰ পিছতে ডিজিপিয়ে ধনখড়ৰ পত্ৰৰ উত্তৰ অতি চমুকৈ দিয়াত ধনখড়ে ২৬ ছেপ্তেম্বৰৰ ভিতৰত ৰাজ্যখনৰ আইন ব্যৱস্থাৰ সংশোধনৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰা হৈছে তাৰ বিবৰণ দিবলৈ ডিজিপিক নিৰ্দেশ দিছিল।