পত্নীক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত শিৱসাগৰত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
জানিব পৰা মতে, সোমবাৰে পুৱা শিৱসাগৰৰ পাটৰ গাঁৱৰ এজন ব্যক্তিয়ে পত্নীক ডিঙি কাটি হত্যাৰ চেষ্টা চলায়। অৱশ্যে সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে মহিলাগৰাকীৰ।
ধৃত লোকজনক ৩৫ বৰ্ষীয় অমৃত গগৈ বুলি চিনাক্ত কৰা হৈছে।
খবৰ অনুসৰি, ভুক্তভোগী মহিলা ৰিংকু গোঁহাইয়ে ২৭ এপ্ৰিলত শিৱসাগৰ সদৰ আৰক্ষী থানাত তেওঁৰ স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।
সুৰাসক্ত অৱস্থাত স্বামী অমৃত গগৈয়ে তেওঁক আক্ৰমণ কৰা বুলি অভিযোগ তুলিছিল মহিলাগৰাকীয়ে।
ইয়াৰ পিছতে ২৯ এপ্ৰিলত, আৰক্ষীয়ে দম্পতীহালক মাতি পঠিয়ায় আৰু স্বামীক তেওঁৰ পত্নীক উৎপীড়ন নকৰিবলৈ সতৰ্ক কৰি দিয়ে।
সোমবাৰে ৰাতিপুৱা, যেতিয়া ৰিংকু ঘৰুৱা কামত ব্যস্ত আছিল, তেওঁৰ স্বামীয়ে তেওঁক হত্যা কৰাৰ চেষ্টা চলায় বুলি অভিযোগ উত্থাপন হৈছে।
সেই সময়ত মহিলাগৰাকীয়ে পলাই যাবলৈ সক্ষম হয় আৰু সহায়ৰ বাবে চুবুৰীয়াৰ ঘৰলৈ দৌৰি যায়।
পিছত, মহিলগৰাকীক চিকিৎসাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
ঘটনাটোৰ পিছত, শিৱসাগৰ আৰক্ষীয়ে অভিযুক্ত স্বামী অমৃত গগৈক গ্ৰেপ্তাৰ কৰে।
