পত্নীক শেষ বিদায় জনাব নোৱাৰিলে ফ্লায়িং শিখ মিলখা সিঙে…

75

পত্নীক শেষ বিদায় জনাব নোৱাৰিলে ফ্লায়িং শিখ মিলখা সিঙে। কোৰোনাৰ বাবে চিকিৎসাধীন হৈ থকা মিলখা সিঙৰ পত্নী তথা প্ৰাক্তন ভলীবল খেলুৱৈ নিৰ্মলা মিলখা সিঙৰ দেওবাৰে কোৰোনা আক্ৰান্ত হৈ মৃত্যু ঘটে। তাৰ পিছতে আজি শেষ কৃত্য সম্পন্ন কৰা হয় নিৰ্মলা মিলখা সিঙৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ।

উল্লেখ্য যে, পত্নীৰ সৈতে একেলগে কোৰোনাত আক্ৰান্ত হৈছিল প্ৰাক্তন এথলিট মিলখা সিঙো। তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত আইচিইউত ভৰ্তি কৰিবলগা হৈছিল। বৰ্তমান তেওঁৰ স্বাস্থ্য পূৰ্বৰ্ তুলনাত যথেষ্ট উন্নত হোৱা বুলি জানিবলৈ দিছে চিকিৎসকে। কিন্তু কোভিড পৰিস্থিতিৰ বাবে পত্নী নিৰ্মলা মিলখা সিঙৰ শেষ যাত্ৰাত উপস্থিত থাকিব নোৱাৰিলে প্ৰাক্তন এথলিট গৰাকীয়ে।