পত্নীক মৰিয়াই মৰিয়াই হত্যা পাষণ্ড স্বামীৰ

264

পত্নীক মৰিয়াই মৰিয়াই হত্যা পাষণ্ড স্বামীৰ ৷
এই ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ লাৰুৱাজান গাঁৱত ৷

তিনি সন্তানৰ মাতৃ ময়না খাতুন নামৰ মহিলা গৰাকীক স্বামী আজিবৰ আলীয়ে বিগত কিছু দিনৰ পৰা নিৰ্মমভাৱে অত্যাচাৰ চলাই অহা বুলি অভিযোগ উত্থাপণ কৰে মহিলা গৰাকীৰ পৰিয়ালৰ লোকে ৷

সেইদৰে পাষণ্ড স্বামী আজিবৰ আলীয়ে পত্নী মইনা খাতুনক চলাইছিল অকথ্য নিৰ্যাতন চলায়।

স্বামীৰ নিৰ্যাতনৰ বলিহৈ স্বামী গৃহতে ইহলিলা ত্যাগ কৰিছিল মইনা খাতুনে ৷

পিছত পাষণ্ড স্বামী আৰু তেওৰ পৰিয়ালে মইনা খাতুনক ভৰ্তি কৰে গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ৷

চিকিৎসকে মহিলা গৰাকী ইতিমধ্যে মৃত্যু হোৱা বুলি ঘোষণা কৰাৰ পিছত মইনা খাতুনৰ পৰিয়ালৰ লোকে চিকিৎসালয়ত উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷

পিছত ঘটনাস্থলী ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাত আৰক্ষী বিষয়া ভগৱান ডেকা, গৰৈমাৰী আৰু জোৰশিমুলী আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি অভিযুক্ত স্বামী আজিবৰ আলী, ভাতৃ মনিৰুজ জামানৰ লগতে শাশুৰী সোনাভানু নেছাক আটক কৰে ৷

ইফালে মহিলা গৰাকীৰ মৃতদেহ ছয়গাঁও আৰক্ষী থানাৰ মৰ্গত ৰাখে ৷