ষ্টাফ ৰিপোৰ্টাৰ, ১ মে’- লকডাউনৰ মাজতে এন.এফ.ৰেলৱে মজদুৰ ইউনিয়নৰ আটাইবোৰ শাখাই অনুষ্টুপীয়া কাৰ্যসূচীৰে ইউনিয়নৰ নিজ নিজ কাৰ্যালয়ত আজি মে’ দিৱস পালন কৰে । মে’ দিৱস উপলক্ষে এন.এফ.ৰেলৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কাৰ্যালয়ত ইউনিয়নৰ সাধাৰণ সম্পাদক তথা অল ইণ্ডিয়া ৰেলৱে মেনচ ফেডাৰেচনৰ সভাপতি ৰাখাল দাসগুপ্তই পতাকা উত্তোলন কৰে । তেওঁ বিভিন্ন সময়ত শ্ৰমিকৰ হকে প্ৰাণ আহুতি দিয়া ছহীদ সকললৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।পতাকা উত্তোলন কৰি দাসগুপ্তই কয় যে, কোৰোণা ভাইৰাছে সৃষ্টি কৰা বিশ্বজোৰা বিভীষিকা তথা লকডাউন প্ৰযোজ্য হৈ থকাৰ পৰিপ্ৰেক্ষিতত এইবেলি মে’ দিৱস অনুষ্টুপীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে । তেওঁ কয় যে সাম্প্ৰতিক সময়ত আমি অতি সাৱধনতাৰে কাম কৰিব লাগিব । নেতাগৰাকীয়ে লগতে কয় যে কেন্দ্ৰীয় চাকৰিয়াল সকলে লকডাউনৰ সময়চোৱাত নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰাৰ লগতে দেশৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰিবলৈ প্ৰত্যেকে এদিনৰ দৰমহা প্ৰধানমন্ত্ৰীৰ পুঁজিলৈ আগবঢ়াইছে । তদুপৰি প্ৰতিগৰাকী কৰ্মচাৰীয়ে আৰ্তজনলৈ পাৰ্যমানে সাহায্য আগবঢ়াইছে । ইয়াৰ পাছতো কৰ্মচাৰীৰ মৰগীয়া ভাট্টা নিদিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে যি সিদ্ধান্ত লৈছে দাসগুপ্তই তাৰ তীব্ৰ বিৰোধিতা কৰে । দাসগুপ্তই লকডাউনৰ গইনালৈ শ্ৰমিকক নিজৰ প্ৰাপ্যৰ পৰা বঞ্ছিত নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰক সকিয়াই দিয়ে । মালিগাওঁ শাখাইও মালিগাৱঁত থকা কাৰ্যালয়ত সামাজিক দূৰত্ব বজাই ৰাখি মে’ দিৱস পালন কৰে । এই উপলক্ষে ইউনিয়নৰ পতাকা উত্তোলন কৰে শাখাৰ সভাপতি দীপক বৰাই আৰু ছহীদ তৰ্পণ কৰে সম্পাদক ৰাজীব বৰাই । মে’ দিৱসৰ কাৰ্যসূচী সফলতাৰে আৰু চৰকাৰী নীতি নিয়মেৰে উদযাপন কৰা বাবে সমূহ ৰেল শ্ৰমিকলৈ এন.এফ.ৰেলৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় যুটীয়া সাধাৰণ সম্পাদক দিলীপ কুমাৰ চক্ৰৱৰ্তীয়ে সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছে ।