পণ্ডিত-গৱেষক ভৱপ্ৰসাদ চলিহালৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা, ২০২০

70

জীৱনজোৰা অধ্যৱসায়, পাণ্ডিত্য তথা প্ৰজ্ঞাৰে অসমীয়া সাহিত্য আৰু সাংস্কৃতিক চহকী কৰা বিশিষ্ট পণ্ডিত, গৱেষক তথা অধ্যাপক ভৱপ্ৰসাদ চলিহাক দেওবাৰে প্ৰদান কৰা হয় শ্ৰীমন্ত শংকৰদেৱ বঁটা ২০২০। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা বিশিষ্ট পণ্ডিতগৰাকীৰ পত্নী নন্দিতা চলিহাই এই বঁটা গ্ৰহণ কৰে। উল্লেখ্য যে, পণ্ডিত ভৱপ্ৰসাদ চলিহা শাৰিৰীকভাৱে অসুস্থ হৈ থকাৰ বাবে তেওঁৰ পত্নী নন্দিতা চলিহাই বঁটা গ্ৰহণ কৰে।

দেওবাৰে অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপৰিও শিক্ষা-স্বাস্থ্য-বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, সাংস্কৃতিক মন্ত্ৰী নৱকুমাৰ দলে, মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিৱ পৱন কুমাৰ বৰঠাকুৰ আৰু মুখ্য সচিৱ জিষ্ণু বৰুৱাৰ লগতে কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে।