পঞ্জাৱ কংগ্ৰেছৰ সভাপতি নৱজ্যোত সিং সিদ্ধুৱে পদত্যাগ কৰা বুলি খবৰ প্ৰকাশ পাইছে। খবৰ অনুসৰি সিদ্ধুৱে দলৰ অধ্যক্ষ ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।
পদত্যাগৰ পিছত, সিদ্ধুৱে কয় যে তেওঁ পঞ্জাৱৰ ভৱিষ্যতৰ সৈতে আপোচ কৰিব নোৱাৰে। নৱজ্যোত সিং সিদ্ধুৱে ছোনিয়া গান্ধীলৈ লিখা পত্ৰত কৈছে যে যিকোনো ব্যক্তিৰ ব্যক্তিত্বৰ অৱনতি আপোচৰ পৰা আৰম্ভ হয়। মই পঞ্জাৱৰ ভৱিষ্যতৰ সৈতে আপোচ কৰিব নোৱাৰো। সেইকাৰণে মই তৎক্ষণাৎ পঞ্জাৱ ৰাজ্যৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছো।
কেইদিনমান আগতে, পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে তেওঁৰ পদৰ পৰা পদত্যাগ কৰিছিল। তাৰ পিছতে চৰণজিৎ চান্নীক মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। আৰু তেতিয়াৰ পৰাই সিদ্ধুক চুপাৰ চিএম বুলি অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছিল।
