পঞ্জাৱৰ ৰাজপথত শিৰোমণি অকালী দলৰ নেতাক গুলীয়াই হত্যা দুৰ্বৃত্তৰ

77

ডিজিটেল ডেস্কঃ পঞ্জাৱৰ মহালীত শিৰোমণি অকালী দলৰ এগৰাকী যুৱ নেতাক দুৰ্বৃত্তই দিনৰ পোহৰতে গুলীয়াই হত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, শনিবাৰে অকালী দলৰ যুৱ নেতা বিক্ৰমজিৎ সিঙে মহালীত নিজৰ গাড়ীত উঠিব লওতেই বাইকত অহা দুৰ্বৃত্তৰ এটা দলে তেওঁৰ ওপৰত গুলীবৰ্ষণ কৰে।

দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা বিক্ৰমজিতে সিঙে নিজকে ৰক্ষাৰ চেষ্টা চলায় যদিও দুৰ্বৃত্তই একেৰাহে ২০ জাইৰো অধিক গুলীবৰ্ষণ কৰাত থিতাতে শেষ নিশ্বাস ত্যাগ কৰে যুৱ নেতাগৰাকীয়ে। ইফালে এই ঘটনাৰ চিচি টিভি ফুটেজ পোহৰলৈ অহাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে।

আৰক্ষীয়ে চিচি টিভি ফুটেজৰ ভিত্তিত দুৰ্বৃত্তক চিনাক্ত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। ইফালে যুৱ নেতা বিক্ৰমজিত সিঙৰ হত্যাৰ উচিত তদন্ত দাবী কৰি প্ৰতিবাদত নামিছে শিৰোমণি অকালী দলৰ নেতা-কৰ্মী।