পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী কোন? কেইঘণ্টামানৰ ভিতৰত ঘোষণাৰ সম্ভাৱনা

106

পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ বিতৰ্ক চলি আছে। খবৰ অনুসৰি ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰীৰ নাম দেওবাৰে ঘোষণা কৰা হ’ব পাৰে। খবৰ অনুসৰি কংগ্ৰেছে শনিবাৰে চণ্ডিগড়ত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছিল। বৈঠকত হৰিশ ৰাৱট, অজয় মাকেন আৰু হৰিশ চৌধুৰীৰ দৰে দলৰ কেন্দ্ৰীয় পৰ্যবেক্ষকসকলে অংশগ্ৰহণ কৰে। স্বাভাৱিকতে, পঞ্জাৱৰ সম্ভাৱ্য মুখ্যমন্ত্ৰীৰ নামক লৈ ৰাষ্ট্ৰীয় ৰাজনীতিত এক আলোড়ন সৃষ্টি হৈছে।

উল্লেখ্য যে শনিবাৰে ৰাহুল গান্ধীৰ ঘৰত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই এখন বৈঠক অনুষ্ঠিত কৰিছিল। যত অংশ লৈছিল কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু অম্বিকা চোনীয়েও। ইফালে, পঞ্জাৱ ৰাজ্যিক কংগ্ৰেছৰ সভাপতি নৱজিৎ সিং সিদ্ধু, পঞ্জাৱৰ প্ৰাক্তন সভাপতি সুনীল ঝাখৰ আৰু সুখজিন্দৰ সিং ৰন্ধাৱাৰ মাজৰ কোনোবা এগৰাকীকে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ঘোষণা কৰা হব পাৰে বুলি চৰ্চা চলিছে।

আনহাতে, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাজ কুমাৰ ভেৰ্কা পঞ্জাৱৰ উপ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে। ইফালে, পঞ্জাৱৰ বিধায়ক সুখজিন্দৰ সিং ৰন্ধাৱাই কয় যে ২ৰ পৰা ৩ ঘণ্টাৰ ভিতৰত পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হ’ব।

উল্লেখ্য যে, কেপ্টেইন অমৰিন্দৰ সিঙে শনিবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল। তেওঁৰ সৈতে কেবিনেটৰ সদস্যসকলেও পদত্যাগ কৰে। মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত অমৰিন্দৰ সিঙে কয়, ‘আজি ৰাতিপুৱা মই ছোনিয়া গান্ধীক কৈছিলো, মই অপমানিত অনুভৱ কৰিছিলো’। তেওঁ লগতে কয়, ‘মই যথেষ্ট অপমানৰ সন্মুখীন হৈছো। কেইমাহমানৰ ভিতৰত এইটো তৃতীয়বাৰৰ বাবে শেহতীয়াকৈ মোৰ সৈতে ঘটিছে। মই এনে অপমানৰ সৈতে পাৰ্টিত থাকিব নোৱাৰো’।
নৱজিৎ সিং সিদ্ধুৰ বিৰুদ্ধে উষ্মতা প্ৰকাশ কৰি অমৰিন্দৰ সিঙে কয়, “নৱজিৎ সিং সিদ্ধু এজন অযোগ্য ব্যক্তি। তেওঁ এটা ডাঙৰ দুৰ্যোগ হ’বলৈ গৈ আছে। পাকিস্তানৰ সৈতে তেওঁৰ সম্পৰ্ক আছে। এইটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে এটা ডাঙৰ ভাবুকি হ’ব পাৰে। পাকিস্তানৰ সেনা প্ৰধান কামাৰ জাভেদ বাজৱা আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান তেওঁৰ বন্ধু। যদি তেওঁক পৰৱৰ্তী মুখ্যমন্ত্ৰী বুলি গণ্য কৰা হয়, মই ইয়াৰ তীব্ৰ বিৰোধিতা কৰো। ‘