পক্ষপাতিত্ব আৰু ভুল তথ্যৰ বহু অভিযোগত ৱিকিপিডিয়ালৈ কেন্দ্ৰৰ জাননী

84

পক্ষপাতিত্ব আৰু ভুল তথ্যৰ বহু অভিযোগত ৱিকিপিডিয়ালৈ কেন্দ্ৰৰ জাননী। ৱিকিপিডিয়াক কিয় মধ্যস্থতাকাৰীৰ পৰিৱৰ্তে প্ৰকাশক হিচাপে গণ্য কৰা উচিত নহয় বুলি প্ৰশ্ন কেন্দ্ৰৰ। শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ত চলি থকা আইনী যুঁজৰ মাজতে প্ৰকাশ পাইছে চৰকাৰী জাননীখন। য’ত সংবাদ সংস্থা এ এন আইয়ে প্ৰতিষ্ঠানটোৰ বিষয়ে লিখা এটা টোকা সম্পাদনা কৰা ব্যৱহাৰকাৰীসকলৰ বিষয়ে তথ্য দাবী কৰিছে। সম্পাদনা কৰোতে ব্যৱহাৰকাৰীয়ে ৱিকিপিডিয়াত এএনআইক ভাৰত চৰকাৰৰ “প্ৰচাৰৰ আহিলা” বুলি উল্লেখ কৰিছিল।