নৱম শ্ৰেণীৰ ছাত্ৰক অধ্যক্ষই শাৰীৰিক-মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ

292

বৰডুবিৰ লছ এঞ্জেল ইংলিছ একাডেমীত উত্তপ্ত পৰিস্থিতি। নৱম শ্ৰেণীৰ ছাত্ৰক অধ্যক্ষই শাৰীৰিক-মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ। জানিব পৰা মতে পাঠদানৰ মাজতে ছাত্ৰজনক এখন বেন্স আনিবলৈ দিয়ে। অধ্যক্ষৰ নিৰ্দেশ মৰ্মে ছাত্ৰজনে বেন্সখন আনিছিল। বেন্সখন অনাৰ পাছতে ছাত্ৰজনে এটা হাঁহি মাৰিছিল। সেই হাঁহি মৰাটোৱেই কাল হয় ছাত্ৰজনৰ বাবে। অধ্যক্ষগৰাকীয়ে ছাত্ৰজনক ৭বাৰকৈ মূৰত থপৰিয়ায়। তদুপৰি ৪০ মিনিটৰো অধিক সময় বাৰাণ্ডাত আঁঠু কঢ়াই থয়। সন্ধিয়া ঘৰত ছাত্ৰজন হঠাৎ অসুস্থ হোৱাত চিকিৎসালয়লৈ নিয়ে পৰিয়ালে। চিকিৎসালয়লৈ নিয়াৰ পাছতহে পোহৰলৈ আহে সমগ্ৰ ঘটনাটো ।

ঘটনাটো বিয়পি পৰাত দল-সংগঠনে বিদ্যালয়ৰ চৌহদ উত্তাল কৰে। পৰিস্থিতি বিষম দেখি অধ্যক্ষ দীনেশ সিঙে বিদ্যালয়ৰ পৰা পলায়ন কৰে। আনকি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীও মোতায়েন কৰিবলগীয়া হয় । ছাত্ৰজনৰ অভিভাৱকে অধ্যক্ষজনৰ বিৰুদ্ধে বৰডুবি থানাত দিছে এজাহাৰ।