নৱম আৰু দশম শ্ৰেণীৰ প্ৰশ্ন কাকত ফাদিল কৰি আটক হল মৰিগাঁও জিলাৰ মৈৰাবাৰী মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক আনোৱাৰ হুছেইন ওৰফে নুপুৰ মাষ্টৰ। দেওবাৰে নিশা মৈৰাবাৰী আৰক্ষীয়ে বিদ্যালয়খনৰ অস্থায়ী চকীদাৰ আতিকূল ইছলামক আটক কৰি সোধপোচ কৰাত প্ৰশ্ন কাকত ফাদিলত শিক্ষক আনোৱাৰ হুছেইন জড়িত থকাটো পোহৰলৈ অহাৰ পিছতেই আৰক্ষীয়ে আটক কৰে শিক্ষকজনক ৷
উল্লেখ্যযে সহকাৰী শিক্ষক আনোৱাৰ হুছেইনে অস্থায়ী চকীদাৰ আতিকুলৰ জৰিয়তে প্ৰতিবছৰে মেট্ৰিক পৰীক্ষাত বুজন পৰিমানৰ অৰ্থৰ বিনিময়ত ছাত্ৰ ছাত্ৰীক নকল যোগান ধৰাৰো অভিযোগ উত্থাপন হৈছে ৷ এইবোৰো আতিকুলে শিক্ষক আনোৱাৰ হুছেইনৰ পৰা প্ৰশ্ন কাকত ফাদিল কৰি লাভ কৰিছিল ৮০০০ হেজাৰ টকা। ২৫ নবেম্বৰ তাৰিখে নৱম আৰু দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ পৰীক্ষা আছিল যদিও ২৪ নবেম্বৰ তাৰিখেই ছাত্ৰ ছাত্ৰীৰ হাতত পৰিছিল প্ৰশ্ন কাকত। সেইদৰে ২৭ নৱেম্বৰৰ দশম মানৰ বিজ্ঞানৰ প্ৰশ্ন কাকত ২৬ নবেম্বৰতে ছাত্ৰ ছাত্ৰীৰ হাতত পৰিছিল।
যাৰ বাবে মৰিগাঁও জিলা শিক্ষা বিষয়াই দুয়োটা দিনৰ পৰিক্ষা সমগ্ৰ জিলা খনত বাতিল কৰিবলৈ বাধ্য হৈছিল। মৰিগাঁও জিলাৰ উপায়ুক্তই প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত এক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছিল। তদন্ত ঘোষণা কৰা তিনি দিনৰ পিছতেই লাহৰীঘাট ৰাজহ চক্ৰ বিষয়া স্বৰাজ ভাৰত লাগাচুৰ নিৰ্দেশ মৰ্মে মৈৰাবাৰী আৰক্ষীয়ে আটক কৰিছিল আতিকুল ইছলামক। আতিকুল ইছলামৰ স্বীকাৰোক্তিৰ ভিত্তিত মৈৰাবাৰী আৰক্ষীয়ে শিক্ষক আনোৱাৰ হুছেইনক আটক কৰাৰ লগতে ঘটনাটোত জড়িত আন কেইবাজনো শিক্ষকক বিচাৰি অভিযান অব্যাহত ৰাখিছে ৷
