দেওবাৰে জেডিইউৰ সভাপতি নীতিশ কুমাৰে অভিলেখ নৱমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
ৰাজভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত নীতিশ কুমাৰক মুখ্যমন্ত্ৰীৰ শপত বাক্য পাঠ কৰোৱায় ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰে।
ইফালে নীতিশ কুমাৰৰ লগতে বিজেপি নেতা বিজয় কুমাৰ সিনহা আৰু সম্ৰাট চৌধাৰীয়ে উপ-মুখ্যমন্ত্ৰীৰূপে শপত লয়।
উল্লেখ্য যে, বিগত ১৭ মাহ ধৰি কংগ্ৰেছ আৰু আৰ জে ডিৰ সমৰ্থনত চৰকাৰ গঠন কৰিছিল নীতিশ কুমাৰে।
কিন্তু দেওবাৰে পুৱা তেওঁ ৰাজ্যপালৰ হাতত নিজৰ পদত্যাগ পত্ৰ অৰ্পণ কৰাৰ পিছতে সন্ধিয়া বিজেপিৰ সমৰ্থনত পুনৰবাৰ মুখ্যমন্ত্ৰীৰ শপত লয়।
প্ৰণিধানযোগ্য যে, বাৰে বাৰে মিত্ৰদল সলনি কৰাৰ বাবে কুখ্যাত নীতিশ কুমাৰে পূৰ্বেও কেইবাবাৰো মিত্ৰদল সলনি কৰিছিল।