নতুন বছৰৰ বিশেষ উদযাপনত মহানগৰীত সৃষ্টি হ’ল সুৰা বিক্ৰীৰ অভিলেখ।
নতুন বছৰৰ প্ৰাকক্ষণত মহানগৰীত বিক্ৰী হ’ল ৮.৫ কোটি টকাৰ সুৰা।
চৰকাৰী তথ্য অনুসৰি, কেৱল ৩১ ডিচেম্বৰৰ সন্ধিয়াটোতে মহানগৰীত সৃষ্টি হয় এই সুৰা বিক্ৰীৰ অভিলেখ।
উল্লেখ্য যে, নৱবৰ্ষ উদযাপনত মহানগৰীয়ে সুৰা বিক্ৰীৰ অভিলেখ গঢ়িলেও সুৰাপান কৰি গাড়ী চলোৱাৰ বিৰুদ্ধে কঠোৰ হৈছিল প্ৰশাসন।
মহানগৰীত সুৰাপায়ী বাহন চালকৰ বিৰুদ্ধে চলোৱা আৰক্ষীৰ অভিযানৰ সময়ত সৃষ্টি হৈছিল একাধিক অপ্ৰীতিকৰ ঘটনাৰো।