নৱবৰ্ষৰ আৰম্ভণিতে পুনৰ এবাৰ গণপ্ৰহাৰৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ অসম। এইবাৰ গণ আক্ৰমণৰ ঘটনাৰ স্থান হৈছে গোলাঘাট জিলাৰ দেৰগাঁৱৰ মামৰণি গাঁও। অঞ্চলটোত ছাগলী চুৰিৰ অভিযোগত এজন ব্যক্তিক মৰিয়াই মৰিয়াই হত্যা কৰে এটা ৬-৭ জনীয়া যুৱকৰ দলে।
গণ আক্ৰমণৰ বলি হৈ মৃত্যুক সাৱটি লোৱা লোকজনক মামৰণি গাঁৱৰ আহোম দাস ওৰফে সঞ্জয় বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, ছাগলী চুৰি কৰাৰ অভিযোগত ৬-৭ জনীয়া যুৱকৰ দলে বান্ধি লৈ প্ৰহাৰ কৰাৰ ফলত তেওঁৰ মৃত্যু ঘটে।
ইফালে, মৃতকৰ পৰিয়ালে অভিযোগ কৰা মতে, দিন হাজিৰা কৰা সঞ্জয়ে বজাৰলৈ ওলাই গৈছিল। সেই সময়ত তেওঁৰ সৈতে আছিল প্ৰায় ৫০০০ টকা। কিন্তু মৃতদেহ উদ্ধাৰ হোৱাৰ সময়ত সেই টকা তেওঁৰ লগত নথকাত টকাৰ বাবেই ব্যক্তিজনক হত্যা কৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে।
ইফালে, ঘটনাসন্দৰ্ভত আৰক্ষীয়ে দুজন লোকক আটক কৰিছে। তেওঁলোকক অৰ্ণৱ বৰা আৰু ৰাজীৱ বকতি বুলি চিনাক্ত কৰা হৈছে। আন অভিযুক্তৰ সন্ধান চলি আছে।
