নৱজ্যোতি কলা পৰিষদৰ কাৰ্যালয়ত সভা সম্পন্ন

77

ষ্টাফৰিপৰ্টাৰ, ১ জুন : গুৱাহাটীৰ মালিগাঁৱস্থিত নৱজ্যোতি কলা পৰিষদৰ কাৰ্যালয় প্ৰাংগণত সোমবাৰে এখন অনুষ্টুপীয়া সভা অনুষ্ঠিত হয়। সভাত অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ নৱনিৰ্বাচিত সমিতিক দায়িত্বভাৰ চমজাই দিয়ে বিদায়ী প্ৰধান সম্পাদক বিপুল চলিহাই। লকডাউনৰ সম্পূৰ্ণ নীতি-নিয়ম পালন কৰি এই সভাত নৱনিৰ্বাচিত সভাপতি কুমাৰ দীপক দাস, কাৰ্যকৰী সভাপতি দীলিপ চন্দ্ৰ বড়া, উপ-সভাপতি বসন্ত বৰ্মন আৰু প্ৰধান সম্পাদক গিৰিধৰ ৰয়ৰ লগতে বহু কেইজন কৰ্মকৰ্তা, অসম নাট্য সন্মিলনৰ কামপীঠ মণ্ডল আৰু মালিগাঁৱ শাখাৰ উদ্যোক্তা সকল উপস্থিত থাকে।