নয়ডাত দুখন বাছৰ ভয়ংকৰ সংঘৰ্ষ, ৩ জনৰ মৃত্যু, আহত ১০ জন

57

নয়ডাত ভয়ংকৰ দুৰ্ঘটনা।

অভাৰটেকৰ সময়তে ভয়ংকৰ সংঘৰ্ষ দুখন বাছৰ মাজত।

দুৰ্ঘটনাত নিহত ৩ জনকৈ লোক, আহত হৈছে আন ১০ জন।

নয়ডাৰ ১৫৭নং ছেক্টৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে, দুৰ্ঘটনাত পতিত এখন বাছ মধ্যপ্ৰদেশৰ পৰা দিল্লী অভিমুখে গৈ আছিল।

আনখন বাছ গৈ আছিল প্ৰতাপগড়ৰ পৰা আনন্দ বিহাৰ অভিমুখে।

অভাৰটেকৰ সময়তে দুয়োখন যাত্ৰীবাহী বাছৰ মাজত সংঘটিত হয় দুৰ্ঘটনা।

দেওবাৰে পুৱা ৫ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আহত সকলক প্ৰেৰণ কৰে হাস্পতাললৈ।