ন্যায়ালয়ৰ অৱমাননাৰ গোচৰত দোষী সাব্যস্ত হোৱা প্ৰশান্ত ভূষণ সন্দৰ্ভত কি ক’লে কুমাৰ বিশ্বাসে…

77

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণক ন্যায়ালয়ৰ অৱমাননাৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে দীঘলীয়া সময়ধৰি গ্ৰহণ কৰা শুনানিৰ অন্তত এই গোচৰৰ ৰায়দান সুৰক্ষিত ৰাখে আৰু ২৪ আগষ্টৰ ভিতৰত প্ৰশান্ত ভূষণক নিজৰ সিদ্ধান্তৰ পুনৰ বিচাৰ কৰি ন্যায়ালয়ত ক্ষমাৰ আবেদন দাখিল কৰিবলৈও নিৰ্দেশ প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে। কিন্তু নিজৰ মতত অটল অধিবক্তাগৰাকীয়ে বাৰে বাৰে এটা কথাই কৈছে যে ন্যায়ধীশক লৈ মন্তব্য কৰা মানে ন্যায়পালিকাৰ অৱমাননা নহয়। সেইবাবে তেওঁ ক্ষমা খুজিবলৈও মান্তি নহয়। তাৰ বাবদ ন্যায়ালয়ে যি শাস্তি বিহে, সেয়া মানি ল’বলৈও সাজু বুলি ইতিমধ্যেই প্ৰশান্ত ভূষণে স্পষ্ট কৰি দিছে।

প্ৰশান্ত ভূষণক লৈ এতিয়া ছ’চিয়েল মিডিয়াত দুইধৰণৰ চৰ্চা আৰম্ভ হৈছে। কোনোৱে যদি অধিবক্তাগৰাকীৰ প্ৰতি সমৰ্থন আগবঢ়াইছে, তেন্তে আন কোনোৱে আকৌ ন্যায়পালিকাৰ গৰিমা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত শাস্তি বিহাৰ দাবী তুলিছে। সেই সময়তে প্ৰশান্ত ভূষণক লৈ শুকুৰবাৰে টুইটোযোগে মন্তব্য কৰিছে একালৰ সতীৰ্থ কবি তথা ৰাজনীতিবিদ কুমাৰ বিশ্বাসে। টুইটযোগে কুমাৰ বিশ্বাসে লিখিছে, ‘কাশ্মীৰসহ বিভিন্ন বিষয়ৰ ওপৰত মোৰ তেওঁৰ সৈতে মতানৈক্য আছে৷ মই কেইবাবাৰো তেওঁৰ সন্মুখতে তেওঁৰ বিপৰীত স্থিতিত ৰৈ মত প্ৰকাশ কৰিছে আৰু তেওঁ মোৰ মতত অসন্মত হৈও অতি গুৰুত্বসহকাৰে সেয়া শুনে! একেলগে কাম কৰাৰ পৰা আজিৰ সময়লৈ মই যিমান খিনি প্ৰশান্ত ভূষণক জানো, তেওঁ ক্ষমা নিবিচাৰে! তেওঁ জানে, ‘নন্দ, মগধ নহয়’।’

উল্লেখ্য যে বিজেপি নেতাৰ পুত্ৰৰ বাইকৰ পিছত উঠি ফটোৰ বাবে প’জ দিয়াক লৈ প্ৰশান্ত ভূষণে দেশৰ মুখ্য ন্যায়াধীশ এছ এ বোবডেক সমালোচনা কৰি টুইটাৰত এটা পোষ্ট কৰিছিল। এই পোষ্টটোৰ আধাৰতে প্ৰশান্ত ভূষণৰ বিৰুদ্ধে ন্যায়ালয়ৰ অৱমাননাৰ গোচৰ উত্থাপন কৰা হয়। আনহাতে ইয়াৰ লগতে প্ৰশান্ত ভূষণৰ আন এটা পোষ্টটোক লৈও ন্যায়ালয়ে প্ৰশান্ত ভূষণৰ বিৰুদ্ধে ন্যায়ালয়ৰ অৱমাননাৰ গোচৰ ৰুজু কৰে। সেই পোষ্টটোত জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে দাবী কৰিছিল যে দেশৰ ৫ গৰাকী মুখ্য ন্যায়াধীশে গণতান্ত্ৰিক ব্যৱস্থাক ধ্বংস কৰিছে।