ৰাজ্যত যেন এতিয়া ক্ৰমাত্ গৰম হৈছে ৰাজনৈতিক বতাহ। ২০২১ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। আৰম্ভ হৈছে নেতাৰ মুখ চুপতি। এতিয়া যেন বিজেপি বিধায়কৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। দুদিন পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক গেলা কোমোৰা আখ্যা দিয়া বিজেপি বিধায়ক ডা০ নোমল মমিনক এইবাৰ আশীৰ্বাদ দিলে মহন্তই।কিন্তু ডা০ মমিনে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিয়াৰ বিপৰীতে বিজেপি বিধায়কজনক আশীৰ্বাদহে দিলে প্ৰফুল্ল কুমাৰ মহন্তই। মহন্তই কয় যে, ‘মোৰ সম্পৰ্কে ড০ মমিনে কিবা যদি কৈছে তেন্তে তেওঁৰ মুখত ফুল চন্দন পৰক আৰু তেওঁৰ ৰাজনৈতিক জীৱন সুন্দৰ হওক।’এতিয়া মহন্তৰ আশীৰ্বাদ বিজেপিৰ বোকাজানৰ বিধায়কজনে কিদৰে গ্ৰহণ কৰে, সেয়া হ’ব লক্ষণীয়।