নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক চন্দ্ৰমোহন পাটোৱাৰীয়ে: দাবী APCCৰ

99

নিমাতিঘাটৰ দুৰ্ঘটনাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। এই দাবী অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা আৰু কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থৰ।

হাইলাকান্দি আবৰ্ত ভৱনত এক সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, নিমাতীঘাটত নাও দুৰ্ঘটনা অতি মৰ্মান্তিক । আৰু এই দুৰ্ঘটনাৰ বাবে দায়ী আভ্যন্তৰীন জল পৰিবহণ বিভাগ, বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী তথা ৰাজ্য চৰকাৰ ।

বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ২০১৮ চনত বিধানসভাত প্ৰতিশ্ৰুতি মতে কাম নকৰাৰ বাবে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পদত্যাগ দাবী কৰিছে প্ৰদেশ কংগ্ৰেছ সভাপতিগৰাকীয়ে ।

ইপিনে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমালাক্ষ দে পুৰকায়স্থই নিমাতিঘাট নাও দুৰ্ঘটনাক লৈ চন্দ্ৰমোহন পাটোৱাৰীৰ পদত্যাগ দাবী কৰি কয়, ২০১৮ চনত বিধানসভাত এই গৰাকী জল পৰিবহণ মন্ত্ৰীয়ে কৈছিল যে বিভাগত বহু লাইফ জেকেট আছে কিন্তু ইমান লাইফ জেকেট থকাৰ পিছতো কিয় যাত্ৰী সকলক জেকেট দিয়া নহল এই প্ৰশ্ন উত্থাপন কৰি, জেকেটৰ টেন্ডাৰৰ নামত মন্ত্ৰীয়ে কমিশন ৰাজ আৰম্ভ কৰিছে বুলিও অভিযোগ উত্থাপন কৰে বিধায়কগৰাকীয়ে।