১৪ নৱেম্বৰ নহয়, ২৬ ডিচেম্বৰত দেশত পালন হওক শিশু দিৱস। -পুনৰ এবাৰ এই দাবী উত্থাপন কৰিছে পশ্চিম দিল্লীৰ বিজেপি সাংসদ প্ৰৱেশ বাৰ্মাই।
বিজেপি সাংসদ গৰাকীৰ দাবী, ‘যদি শিশু দিৱস উদযাপন কৰিব লাগে, ইয়াক চাহিবজাদা জোৰাৱাৰ সিং আৰু চাহিবজাদা ফতেহ সিঙৰ বলিদানৰ দিনা পালন কৰা উচিত। ধৰ্মৰ মানদণ্ড সুৰক্ষিত কৰাৰ যুঁজত গুৰু গোবিন্দ সিঙৰ দুই পুত্ৰ অতি কম বয়সতে শ্বহীদ হৈছিল।’
টুইটাৰত এই দাবী উত্থাপন কৰি সাংসদ প্ৰৱেশ বাৰ্মাই এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিব বুলিও সদৰী কৰে।
আনহাতে, প্ৰৱেশ বাৰ্মাৰ দাবীৰ পিছতে ৰাজনৈতিক মহলত সমাগত পঞ্জাৱ বিধানসভা নিৰ্বাচনক কেন্দ্ৰকৰি বিজেপিয়ে শিখ সকলক প্ৰভাৱিত কৰিবলৈ এক ধৰ্মীয় ৰাজনীতি আৰম্ভ কৰা বুলি চৰ্চা চলিছে।
উল্লেখ্য যে, ১৯৫৭ চনৰ পৰাই দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন অৰ্থাৎ দেশত ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰি আহিছে। পণ্ডিত নেহৰুৰ শিশুৰ প্ৰতি থকা মৰম আৰু শিশুৰ ভৱিষ্যতক লৈ কৰা তেওঁৰ চিন্তাৰ বাবেই তেওঁৰ জন্মদিনটো শিশু দিৱস হিচাপে পালিত হৈ আহিছে।
পণ্ডিত নেহৰু শিশু সকলৰ মাজত ‘আংকল নেহৰু’ বুলি পৰিচিত আছিল। তদুপৰি শিশুৱেই দেশৰ ভৱিষ্যত বুলি ভাবি শিশুৰ বৌদ্ধিক, মানসিক বিকাশৰ ওপৰত তেওঁ সদায় গুৰুত্ব আৰোপ কৰি আহিছিল।
আনহাতে শিশু দিৱসটো এগৰাকী কংগ্ৰেছ নেতাৰ জন্মদিনত উদযাপিত হৈ অহাৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে অপ্ৰাসংগিকভাৱে সেয়া সলনি কৰিব বিচৰা বুলি অভিযোগ কৰিছে বিৰোধীয়ে।
প্ৰৱেশ বাৰ্মাই নিজেই কয়, ‘আমি সকলোৱে শিশুসকলক ভাল পাওঁ। কিন্তু এই দিনটো কেৱল ৰাজনীতিৰ বাবে, এটা পৰিয়ালক ভাৰতীয় ৰাজনীতিত স্বীকৃতি দিয়াৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল। ‘
আনহাতে, ঔৰঙ্গজেবৰ কাৰ্যকালত ৰাজনৈতিক আৰু ধৰ্মীয় কাৰণত পঞ্জাৱৰ সৈতে সংঘৰ্ষত গুৰু গোবিন্দ সিঙৰ চাৰিজন পুত্ৰ শ্বহীদ হৈছিল। তেওঁলোকৰ ভিতৰত আছিল ১৮ বছৰীয়া অজিত সিং। সেই সময়ত গুৰু গোবিন্দ সিঙৰ বাকী ৩ পুত্ৰ নাবালক আছিল। শ্বহীদ হোৱাৰ সময়ত জুঝাৰ সিঙৰ বয়স আছিল ১৪ বছৰ। সেইদৰে জোৰাৱাৰ সিঙে ৯ আৰু ফতেহ সিঙে ৭ বছৰ বয়সত ধৰ্মীয় যুঁজত শ্বহীদ হৈছিল।
বিজেপি সাংসদ প্ৰৱেশ বাৰ্মাই বিশেষকৈ জোৰাৱাৰ আৰু ফতেহ সিঙৰ নামত শিশু দিৱস উৎসৰ্গা কৰাৰ দাবী জনায়।
ইয়াৰ পূৰ্বেও প্ৰৱেশ বাৰ্মাই ২০১৮ চনত এনে প্ৰস্তাৱ আগবঢ়াইছিল। সেইবাৰ তেওঁ দাবী কৰিছিল যে ১৪ নৱেম্বৰ ‘খুৰা দিৱস’ হিচাপে উদযাপন কৰাত তেওঁৰ কোনো আপত্তি নাই। কাৰণ তেওঁ আংকল নেহৰু নামেৰে জনাজাত আছিল। কিন্তু শিশু দিৱস ‘চাৰ চাহিবজাদা’ত আত্মাৎসৰ্গৰ দিনা উদযাপন কৰিব লাগে। দিল্লী বিজেপিৰ সভাপতি মনোজ তিৱাৰীয়েও ২০১৯ চনত প্ৰধানমন্ত্ৰীৰ ওচৰত একেটা দাবী উত্থাপন কৰিছিল।