নেমু খেতিৰে স্বাৱলম্বিতাৰ পথ দেখুৱাইছে কমলপুৰৰ এগৰাকী খেতিয়কে

78

পৱন নীল কাশ্যপ, চাংসাৰীঃ যি সময়ত এটা সংস্থাপন বিচাৰি যুৱ প্ৰজন্মই হাবাথুৰি খাইছে, সেই সময়তে হাতে কামে লাগি স্বাৱলম্বিতাৰ পথ দেখুৱাইছে কমলপুৰৰ এগৰাকী ক্ষুদ্ৰ খেতিয়কে। চৰকাৰী চাকৰিৰ পিছত দৌৰি নাথাকি নিজৰ সামান্য খেতিডৰাত নেমু খেতি কৰি তেওঁ এতিয়া পৰিয়াল পোহপাল দিয়াই নহয়, অন্য দহজনৰ বাবেও নিদৰ্শন হৈ পৰিছে।

কমলপুৰৰ মণিয়ৰীৰ শশধৰ নাথ নামৰ খেতিয়কজনে এতিয়া নেমু বিক্ৰী কৰি বছৰত উপাৰ্জন কৰে প্ৰায় ২ লাখ টকা। সংস্থাপনৰ বাবে খেতিৰ পথ বাচি লোৱা শশধৰ নাথ এতিয়া অঞ্চলটোৰ অন্য অন্য ক্ষুদ্ৰ খেতিয়কসকলৰ বাবেও অনুপ্ৰেৰণা হৈ পৰিছে।