নেপালৰ আকাশৰ পৰা সন্ধানহীন যাত্ৰীবাহী বিমান, নিৰুদ্দেশ ৪ ভাৰতীয় নাগৰিকসহ ২২ জন

92

দেওবাৰে পুৱা নেপালৰ আকাশৰ পৰা সন্ধানহীন হয় এখন বিমান। পুৱা ৯:৫৫ বজাৰ পিছতো উদ্ধাৰ হোৱা নাই বিমানখন। জানিব পৰা মতে, বিমানখনত ৪ জন ভাৰতীয়সহ ২২ জন যাত্ৰী আৰু ক্ৰু আছে। পোখৰাৰ পৰা জামছামলৈ গৈ আছিল বিমানখন।

জানিব পৰা মতে বিমানখনত ৪ জন ভাৰতীয়ৰ বাহিৰেও ৪ জন জাপানী নাগৰিক আছিল। বাকী কেইজন নেপালী। বিশ্বৰ সৰ্বোচ্চ পাহাৰীয়া দেশ নেপালত প্ৰায়ে বিমান দুৰ্ঘটনা হয়। বিমানখন নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা স্বাভাৱিকতে উদ্বেগ উত্থাপন হৈছে।

গৃহ মন্ত্ৰালয়ৰ মুখপাত্ৰ ফণীন্দ্ৰ মণি পোখাৰেলে এএনআইক জনোৱা মতে, সন্ধানহীন বিমানখনৰ সন্ধানৰ বাবে ইতিমধ্যে মুস্তাংগ আৰু পোখৰাৰ পৰা দুখন হেলিকপ্টাৰ প্ৰেৰণ কৰা হৈছে। ইয়াৰ উপৰিও নেপাল সেনাই বিমানখনৰ সন্ধান অভিযানো আৰম্ভ কৰিছে।

ইফালে, নেপাল সেনাৰ মুখপাত্ৰ নাৰায়ণ ছিলভালে কয় যে, ‘নেপাল সেনাৰ এম আই-১৭ হেলিকপ্টাৰ ইতিমধ্যে মুস্তাংগ অভিমুখে উৰিছে। তাতেই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে। নেপাল আৰক্ষীৰ বিষয়া ৰমেশ থাপাই জানিবলৈ দিয়া মতে, শেষৰ খবৰ পৰ্যন্ত নিৰুদ্দেশ হোৱা বিমানখনৰ কোনো সন্ধান পোৱা নগ’ল।