নেপালত ভয়ংকৰ ঘটনা

104

নেপালৰ বান আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ১৭০ জনলৈ বৃদ্ধি পাইছে । ইয়াৰ বিপৰীতে এতিয়াও সন্ধানহীন হৈ আছে ৪২ জন লোক । প্ৰকাশিত খবৰ অনুসৰি, নেপালৰ পূব আৰু মধ্য় অংশ সাংঘাতিক ধৰণে বানৰ কৱলত পৰিছে । নেপালৰ আৰক্ষীৰ তথ্য অনুসৰি, নেপালৰ বান আৰু ভূমিস্খলনৰ ফলত ১৭০ জন লোকৰ মৃত্যু হৈছে। ৫৬খন জিলাত জাৰি কৰা হৈছে এক সতৰ্কবাণী।প্ৰকাশিত খবৰ অনুসৰি, নেপালৰ পূব আৰু মধ্য় অংশ সাংঘাতিক ধৰণে বানৰ কৱলত পৰিছে ।নেপালত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানে কমেও ৩২২টা ঘৰ আৰু ১৬খন দলং ক্ষতিগ্ৰস্ত কৰিছে । কোৱা হৈছে যে, যোৱা ৪০-৪৫ বছৰত কাঠমাণ্ডু উপত্যকাত এই ধৰণৰ ভয়ংকৰ বান কেতিযাও দেখা পোৱা নাছিল । শনিবাৰে আইচিএমঅ’ডিয়ে প্ৰকাশ কৰা এক প্ৰতিবেদনত কোৱা হৈছে যে, শুকুৰবাৰ আৰু শনিবাৰে পূব আৰু মধ্য নেপালত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত কাঠমাণ্ডুৰ মূল নদী বাগমাটি বিপদ সীমাৰ ওপৰেৰে বৈ আছে।