নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজি জন্মতিথি । স্বাধীনতা সংগ্ৰামী, দেশনায়ক তথা দেশপ্ৰেমৰ প্ৰতীক নেতাজী সুভাষ চন্দ্ৰ বসু । তেখেতৰ আত্মবলিদান আৰু দেশৰ প্ৰতি আগবঢ়োৱা নিঃস্বাৰ্থ সেৱা ভাৰতবাসীৰ বাবে চিৰস্মৰণীয় । নেতাজীৰ ১২৫ সংখ্যক জন্মজয়ন্তীত তেখেতক সোঁৱৰি শ্ৰদ্ধাৰ্ঘ্য অৰ্পন কৰিছে প্ৰতিগৰাকী দেশবাসীয়ে । নেতাজীৰ স্মৰণত ২৩ জানুৱাৰী দিনটো ‘পৰাক্ৰম দিৱস’ ৰূপে উদযাপন কৰে ভাৰতবৰ্ষই । ২০২১ বৰ্ষৰ পৰা প্ৰতিবছৰে ২৩ জানুৱাৰী দিনটো ‘পৰাক্ৰম দিৱস’ ৰূপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে । তেখেতৰ আজি ১২৫ সংখ্যক ওপজা দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত মুকলি কৰিব ১২৫ টকীয়া মুদ্ৰা । ‘পৰাক্ৰম দিৱস’ উদযাপন অনুষ্ঠানত কলিকতাত উপস্থিত থাকিব নৰেন্দ্ৰ মোদী ।
১৮৯৭ চনৰ ২৩ জানুৱাৰীত ওড়িশাৰ কটকত জন্মগ্ৰহণ কৰিছিল নেতাজী সুভাষ চন্দ্ৰ বসু । তেখেতৰ অদম্য সাহস আৰু দেশৰ প্ৰতি আগবঢ়োৱা নিঃস্বাৰ্থ সেৱাৰ বাবে তেখেতৰ প্ৰতি সন্মান জনাই ভাৰত চৰকাৰে এই দিনটো ‘পৰাক্ৰম দিৱস’ হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
