নুমলীগড়ত পুৱতি নিশা সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গল এটা বাসগৃহ। ঘৰটো দুৰ্বৃত্তই জ্বলাই দিয়াৰ সন্দেহ কৰিছে পৰিয়ালটোৱে ।
নুমলীগড়ৰ মৰঙি মৌজাৰ গিদিবস্তি অঞ্চলত নিশা এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। নিশা পবিত্ৰ কুমাৰ নামৰ লোকজনৰ ঘৰত জুই লগাত ঘৰটো জাহ যায়। আনহাতে অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা-সম্পত্তিও ভস্মীভূত হয়।
কোনো দুষ্ট লোকে তেওঁলোকৰ ঘৰটো জ্বলাই দিছে বুলি অভিযোগ আনিছে পৰিয়াল লোকে । ইফালে নিশা সমগ্ৰ অঞ্চলটোত হাতীৰ এটা জাকে উপদ্ৰৱ চলাই আছিল। যাৰ বাবে হাতীৰ ভয়ত নিশা তেওলোকে কাষৰ এটা পৰিয়ালৰ ঘৰত আশ্ৰয় লৈ থকা সময়তে হঠাৎ নিজৰ ঘৰটি জ্বলা প্ৰত্যক্ষ কৰে । জুই নুমুৱাৰ কোনো ব্যৱস্থা নথকাত সম্পূৰ্ণ ৰূপে ঘৰৰ ভিতৰৰ আচবাব জ্বলি ছাই হৈ যোৱাত এতিয়া অসহায় হৈ পৰিছে পৰিয়ালটো । সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া এক চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত ।
