নুমলীগড়ত বিষাক্ত সাপ উদ্ধাৰ

76

নুমলীগড়ৰ বিষ্ণুপুৰ অঞ্চলৰ ১ নং পংকাগ্ৰাণ্টৰ এজন ব্যক্তিৰ ঘৰৰ কুঁৱাৰ পৰা মৰঙি অঞ্চলৰ সৰ্পবন্ধু ৰূপে খ্যাত “প্ৰসন্নদীপ বৰদলৈ”য়ে বকিয়াল খণ্ড বনবিষয়া “কুলদীপ বৰ্মন”ৰ নেতৃত্বত অহা এটা বনকৰ্মী দলৰ সহযোগত বিষাক্ত সাপটো উদ্ধাৰ কৰি এক বিপদৰ পৰা ৰক্ষা কৰে পৰিয়ালটোক। সৰ্পবন্ধু প্ৰসন্নদীপ বৰদলৈৰ সহযোগত বনবিভাগে সাপটো দেওপাহাৰ সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে। প্ৰকতিৰ ভাৰসাম্য নিয়ন্ত্ৰনৰ বাবে বিষাক্ত জীৱ জন্তু বোৰ সংৰক্ষনৰ বাবে ৰাইজক আহ্বান জনায় সৰ্পবন্ধু প্ৰসন্নদীপ বৰদলৈয়ে।