ষ্টাফৰিপৰ্টাৰ, ২০ জুন : অসম সাহিত্য সভাৰ অন্যতম শাখা নুনমাটি সাহিত্য সভাই শনিবাৰে অসম সাহিত্য সভাৰ নিৰ্দেশ মৰ্মে তথা বিশ্বজুৰি কৰ’না সংক্ৰমনৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি মুখত মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰাখি উত্তৰ নুনমাটি সাৰ্বজনীন পূজা সমিতিৰ খেল পথাৰত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫১ সংখ্যক স্মৃতি দিৱস পালন কৰে | নুনমাটি সাহিত্য সভাৰ সভাপতি নৰেন ৰয়ে পতাকা উত্তোলন কৰাৰ পাছত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে উপসভাপতি ড০ বংশীধৰ কলিতাই | অনুষ্ঠানত উপস্থিত থাকি সাহিত্য পেঞ্চনাৰ ৰত্নেশ্বৰ বসুমতাৰী, বীৰেন্দ্ৰ নাথ কলিতা, নৃপেন্দ্ৰ নাথ কাকতি, হৃদয় কুমাৰ পাটগিৰি আদি কৰি কেবাজনো বিশিষ্ট ব্যক্তিয়ে ৰাভাদেৱৰ বিষয়ে চমু বক্তব্য আগবঢ়ায়। সভাত সম্পাদক এগৰাজ ছেত্ৰী,কোষাধ্যক্ষ লোকনাথ বৰুৱা আদি উপস্থিত থাকে। এই অনুষ্ঠানৰ আগধৰে প্ৰাক্তন সম্পাদক হৰমোহন কলিতাই।