নুনমাটি সাহিত্য সভাৰ উদ্যোগত গীতি কবিক স্মৰণ

70

ষ্টাফৰিপৰ্টাৰ, ৮ জুন : প্ৰত্যেক বছৰে নুনমাটি সাহিত্য সভাই দেওবাৰে গীতিকবি পাৰ্ৱতী প্ৰসাদ বৰুৱাদেৱৰ স্মৃতি দিৱস পালন‌‌ কৰে। কৰ’না ভাইৰাছৰ বাবে হোৱা সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নুনমাটি সাহিত্য সভাৰ প্ৰচেষ্টাত নিজ ঘৰতে থাকি ছ’চিয়েল মাধ্যম ৱাটছএপৰ জৰিয়তে গীতিকবি পাৰ্ৱতী প্ৰসাদ বৰুৱাৰ ৫৬ সংখ্যক স্মৃতি দিৱস ঘৰতে থাকি পালন‌ কৰে ।গীতিকবি পাৰ্ৱতী প্ৰসাদ বৰুৱাৰ জীৱনৰ বিষয়ে,তেওঁৰ গীত আদি এই সাহিত্য সভাৰ গ্ৰুপলৈ পঠিয়ায়। এই অনলাইন অনুষ্ঠাত গীতিকবি পাৰ্ৱতী প্ৰসাদ বৰুৱাৰ জীৱনৰ দুষাৰ লিখি পঠিয়াই ক্ৰমে নুনমাটি সাহিত্য সভাৰ প্ৰাক্তন ‌সভাপতি বীৰেন্দ্ৰ নাথ কলিতা,,কবিতা ক্ৰমে হৃদয় কুমাৰ‌ পাটগিৰি, অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ আৰু‌ বিশিষ্ট সাহিত্যিক ৰত্নেশ্বৰ বসুমতাৰী,গীত লিখি পঠিয়াই গীতাৰাণী পাঠক দাস,পাৰ্ৱতী প্ৰসাদ বৰুৱাৰ গীত গাই তাৰে ভিডিঅ’এই গ্ৰুপলৈ প্ৰেৰণ কৰে ক্ৰমে হৰমোহন কলিতা, চন্দ্ৰ কান্ত দাস আৰু মুনীন্দ্ৰ ডেকাই ।লগতে বিভিন্ন ক্ষেত্ৰত উৎসাহিত আৰু সহায় সহযোগিতা কৰে ক্ৰমে সভাপতি নৰেন ৰয় ,এগৰাজ ছেত্ৰী,ঘনশ্যাম বড়ো,অমল দত্ত,গীতা বৰুৱা, মনোৰমা দাস আৰু দীপালী শৰ্মা ইত্যাদিয়ে ।