নিৰ্বাচন গ’ল যেতিয়া মহাজোঁটত থকাৰ কি প্ৰয়োজনঃ বিপিএফ

110

অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে একত্ৰিত হোৱা মহাজোঁটত এতিয়া ফাঁট মেলিছে। দেওবাৰে বিপিএফৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে মহাজোঁট ত্যগ কৰাৰ বাবে বিপিএফৰ নেতৃত্বক আহ্বান জনাইছিল। মহাজোঁট ত্যাগ নকৰিলে দলত্যাগ কৰাৰো ভাবুকি দিছিল ৰিহণ দৈমাৰীয়ে।

তাৰ পিছতে আজি মহাজোঁট ত্যাগ কৰাৰ কথা প্ৰায় স্পষ্ট কৰিলে বিপিএফএ। দলটোৰ উপ সভাপতি প্ৰবীণ বড়োৱে আজি সাংবাদিকৰে হোৱা মুখামুখিত এতিয়া আৰু মহাজোঁটত থকাৰ প্ৰয়োজন নাই বুলি স্পষ্ট মন্তব্য কৰে। আনহাতে অনুষ্ঠিত হবলগীয়া উপ নিৰ্বাচনত দলটোৱে অকলেই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰবীণ বড়োৱে।

বিপিএফ নেতাগৰাকীয়ে লগতে কয় যে বিপিএফএ নিৰ্বাচনৰ বাবেহে মহাজোঁটৰ অন্তৰ্ভূক্ত হৈছিল। এতিয়া নিৰ্বাচন গ’ল যেতিয়া মহাজোঁটত থকাৰ কোনো প্ৰয়োজন নাই। অৱশ্যে জ্যেষ্ঠ কংগ্ৰেেছ নেতা ৰিপুণ বৰাই এই সন্দৰ্ভত কয় যে বিপিএফএ মহাজোঁট ত্যাগ কৰাৰ সন্দৰ্ভত এতিয়াও কোনো কথা জনোৱা নাই।