নিৰ্বাচনৰ ৩ দিন পূৰ্বে ছত্তীশগড়ত বিজেপি নেতাক হত্যা মাওবাদীৰ, তীব্ৰ চাঞ্চল্য

324

নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ কেইটামান দিন! তাৰ পূৰ্বেই মাওবাদীৰ হাতত নৃশংস হত্যাৰ বলি হ’ল ছত্তীশগড়ৰ এজন বিজেপি নেতা। তিনিদিন পিছত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ছত্তীশগড়ত। তাৰ পূৰ্বেই বিজেপি নেতাগৰাকীৰ হত্যাকাণ্ডই ছত্তীশগড়ত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে নেতাজনৰ মৃতদেহ উদ্ধাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে।

৭ আৰু ১৭ নৱেম্বৰত দুটা পৰ্যায়ত চত্তীশগড়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। গেৰুৱা শিবিৰৰ বাবে প্ৰচাৰ চলাই আছিল বিজেপি নেতা ৰতন ডুবেয়ে। নাৰায়ণপুৰ জিলা সংগঠনৰ উপ সভাপতি ৰতন। আৰক্ষীৰ তথ্য অনুসৰি শনিবাৰে কৌশলনাৰ অঞ্চলত মাওবাদীয়ে বিজেপি নেতাজনক হত্যা কৰে। এইজন বিজেপি নেতা এসময়ত জিলা পঞ্চায়তৰ সদস্যও আছিল। এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষীৰ এটা দল উপস্থিত হয়। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ হৈছে।

উল্লেখ্য যে, কৌশলনাৰ মাওবাদীৰ অধিপত্য থকা অঞ্চল হিচাপে পৰিচিত। প্ৰান্তীয় গাঁৱত নিৰ্বাচনৰ প্ৰচাৰ চলাওঁতে নেতাগৰাকীক আক্ৰমণ কৰা বুলি দাবী কৰে বিজেপিয়ে। তেওঁক হত্যা কৰি পলায়ন কৰে দুষ্কৃতিকাৰী। মন কৰিবলগীয়া যে প্ৰথম পৰ্যায়ৰ ছত্তীশগড় নিৰ্বাচনত ২০টা সমষ্টিত ৭ নৱেম্বৰ মঙলবাৰে অনুষ্ঠিত হ’ব। সেই ২০টা সমষ্টিৰ ভিতৰত ১২টা সমষ্টি মাওবাদীয়ে আক্রান্ত বাস্তৰ সংমণ্ডলৰ অন্তৰ্গত। ১৭ নৱেম্বৰত ৭০টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৩ ডিচেম্বৰত ফলাফল ঘোষণা কৰা হ’ব।