নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত জলেশ্বৰত কংগ্ৰেছত খহনীয়া

70

৩৯নং জলেশ্বৰ বিধান সভা সমষ্টিত কংগ্ৰেছ এৰি এ আই ইউ ডি এফ লৈ শতাধিক কংগ্ৰেছী। লক্ষীপুৰৰ বানাত মাদ্ৰাছা প্ৰাঙ্গণত এ আই ইউ ডি এফ ৰ প্ৰাৰ্থী ড০ ৰেজা আমিনৰ উপস্থিতিত যোগদান পৰ্ব অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত শতাধিক কংগ্ৰেছী যোগ দিয়ে এ আই ইউ ডি এফ ত।

এফালে, টিকট কেন্দ্ৰিক সংঘাত । আনপিনে , বন্ধুত্বপূর্ণ প্ৰতিদ্বন্দ্বিতাত বন্ধু প্ৰাৰ্থীক আক্রমণৰ লক্ষ্য। কি’বা ক্ষতি কৰিব নেকি মহাজোঁট বন্ধনত ? ৰেজা আমিনৰ কৌশলগত উত্তৰ হাইকমাণ্ডে চিন্তা কৰিব সেই কথা।

সংখ্যালঘু সমষ্টিটোত মুঠ ভোটাৰ ১,৫৯,৬৬১ গৰাকী। কাৰ্যকাল এ আই ইউ ডি এফ ৰ দখলত সমষ্টিটো। কিন্তু উন্নয়নত গুৰুত্ব আৰোপ নকৰিলে পূৰ্বৰ বিধায়ক সকলে। কাজেই খৰ্গহস্ত সাধাৰণ ৰাইজ। এনে সন্ধিক্ষণত ৰাজনৈতিক গতি কোন পিনে গতি কৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু এটা কথা স্পষ্ট মহাজোঁট বন্ধনত বন্ধুত্ব পূর্ণ প্ৰতিদ্বন্দিতাই কিছু হলেও যে বন্ধুত্বত  আউল লগাব সেয়া নিশ্চিত।