নিৰ্বাচনৰ পূৰ্বে CAA বিৰোধী আন্দোলনৰ উকমুকনি…

81

নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ এটা সপ্তাহ। তাৰ পূৰ্বেই পুনৰ এবাৰ ৰাজ্যত তীব্ৰতৰ হৈ পৰিছে কা আন্দোলন। সমগ্ৰ অসমৰ লগতে আজি মধ্য কামৰূপতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম ছাত্ৰ সন্থাই। মধ্য কামৰূপ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত আজি কমলপুৰ সমষ্টিৰ অন্তৰ্গত সোণাপুৰৰ পৰা বৰুৱাজনীলৈ এক প্ৰতিবাদী ৰেলী বাহিৰ কৰা হয়। কেইবাশতাধিক আছু কৰ্মীয়ে বাহিৰ কৰা এই বাইক ৰেলীত কা আমি নামানো, অসম চৰকাৰ হায় হায় ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।

চাংসাৰিৰ পৰা পৱন নীল কাশ্যপৰ ৰিপ’ৰ্ট