নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক ৰণনীতিকাৰ প্ৰশান্ত কিশোৰৰ কোম্পানীত আৰক্ষীৰ তালাচী, গাঞ্জা জব্দ

113

গোৱাত তৃণমূল কংগ্ৰেছৰ হৈ নিৰ্বাচনী ৰণনীতি প্ৰস্তুতত ব্যস্ত ৰাজনৈতিক ৰণনীতিকাৰ প্ৰশান্ত কিশোৰৰ কোম্পানী আই-পিএচিৰ কাৰ্যালয়ত তালাচী চলাই গাঞ্জা জব্দ কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত কোম্পানীটোৰ এজন কৰ্মচাৰীকো আটক কৰা হৈছে।

আৰক্ষীয়ে শুকুৰবাৰে পোৰভৰিম এলেকাত থকা প্ৰশান্ত কিশোৰৰ কোম্পানীৰ কাৰ্যালয়ত অভিযান চলায়। উল্লেখ্য যে, এলেকাটোত ৮ টা বাংলো ভাড়ালৈ লৈ প্ৰশান্ত কিশোৰে টিএমচিৰ হৈও প্ৰচাৰ চলাই আছিল।

গোৱা আৰক্ষীয়ে অভিযান চলাই এজন ২৮ বছৰীয়া কৰ্মচাৰীক আটক কৰে। গোৱা আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে নাৰ্কোটিক ড্ৰাগছ প্ৰতিৰোধ আইন (এনডিপিএছ আইন)ৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।

উল্লেখ্য যে, গোৱা বিধানসভা নিৰ্বাচন ২০২২ৰ ১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব। মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছ যোৱা দুই-তিনি বছৰ ধৰি গোৱাত সক্ৰিয় হৈ আছে। প্ৰশান্ত কিশোৰ আৰু তেওঁৰ কোম্পানীয়ে টিএমচিৰ শক্তিশালী কৰাৰ কামত ব্যস্ত আছে গোৱাত।