নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে ৰাজ্যত বৃদ্ধি পাইছে নগদ ধনৰ গোপন সৰবৰাহ

64

নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে ৰাজ্যত বৃদ্ধি পাইছে নগদ ধনৰ গোপন সৰবৰাহ। এইবাৰ চিলাপথাৰৰ লিকাবালিত আৰক্ষীৰ অভিযানত জব্দ হল এক লাখ সত্তৰ হাজাৰ টকা নগদ ধন। এছ আই যুগল সোণোৱালৰ নেতৃত্বত লিকাবালি আৰক্ষী আৰু বিশেষ তালাচী বাহিনীয়ে চলাইছিল অভিযান। এই অভিযানকালত অৰুণাচল প্ৰদেশৰ কমল চহতীয়া নামৰ এজন লোকে দাপৰিজুৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধনখিনি সৰবৰাহ কৰি থকাৰ সময়তে ধনসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক।

উল্লেখ্য যে, ৰাজ্যত জাৰি হোৱা নিৰ্বাচন বিধি অনুসৰি কোনো ব্যক্তিয়েই লগত ৫০ হাজাৰতকৈ অধিক টকা কঢ়িয়াব নোৱাৰে। যদি কোনো কাৰণত তাতকৈ অধিক নগদ ধন কঢ়িয়াব লগা হয়, তেন্তে আগতীয়াকৈ আৰক্ষীক অৱগত কৰিব লাগে। কিন্তু নিৰ্বাচন বিধি জাৰি হোৱাৰ পিছতো ৰাজ্যৰ ভিন্ন প্ৰান্তত নগদ ধনৰ সৰবৰাহ অব্যাহত ৰাখিছে একাংশই। যোৱা এপষেকত ৰাজ্যত প্ৰায় ৯ কোটি এনে নগদ ধন জব্দ কৰিছে আৰক্ষীয়ে।