নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পিছতে ৰাজ্যত জব্দ কোটি কোটি টকা

64

নিৰ্বাচন মানেই টকাৰ খেল। কোন পাৰ্টীয়ে কিমান খৰছ কৰিব পাৰে, সেয়া যেন নিৰ্বাচনৰ সময়ত এক অঘোষিত প্ৰতিযোগিতা। অশিক্ষিত ভোটাৰক সুৰা, নগদ ধন অথবা সূতা-কম্বল দি প্ৰলোভিত কৰি ভোট ক্ৰয়ৰ চেষ্টা প্ৰতিটো ৰাজনৈতিক দলেই কৰি আহিছে। সেয়ে নিৰ্বাচনৰ সময়ত নিৰ্বাচন আয়োগৰ তালাচীত জব্দ হৈ আহিছে কোটি কোটি টকা।

অসমতো অহা ২৭ মাৰ্চৰ পৰা অনুষ্ঠিত হব বিধানসভা নিৰ্বাচন। কিন্তু নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পিছতে এতিয়া আবকাৰী, বন বিভাগ তথা আৰক্ষী-প্ৰশাসনৰ তালাচীত জব্দ হৈছে কোটি কোটি টকা। তাৰিখ ঘোষণা হোৱাৰ মাত্ৰ ১৩ টা দিনৰ ভিতৰতে অৰ্থাৎ ২৬ ফেব্ৰুৱাৰীৰ পৰা যোৱা ১১ মাৰ্চলৈ অসমত জব্দ হৈছে প্ৰায় ৩১ কোটি ৮১ লাখ টকাৰ সামগ্ৰী আৰু নগদ ধন।

উল্লেখ্য যে, ৰাজ্যত নিৰ্বাচন বিধি বলবৎ হোৱাৰ পিছত কোনো ব্যক্তিয়ে লগত ৫০ হাজাৰতকৈ অধিক নগদ ধন কঢ়িয়াব নোৱাৰে। যদি কিবা কাৰণত কঢ়িয়াব লগীয়াও হয়, তেন্তে পূৰ্বেই আৰক্ষীক অৱগত কৰিব লাগে।

কিন্তু নিৰ্বাচন আয়োগৰ অধিসূচনাৰ পিছতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃহৎ পৰিমাণৰ নগদ ধনসহ জব্দ হৈ আহিছে বহু লোক। নিশাৰ কথা বাদেই, দিনৰ পোহৰতো বহুতে সৰবৰাহ কৰি আহিছে নগদ ধনৰ লগতে সুৰা আৰু আন আন সামগ্ৰী।

আৰক্ষীৰ তথ্য অনুসৰি, ২৬ ফেব্ৰুৱাৰীৰ পৰা ১১ মাৰ্চলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৮.৮০ কোটি নগদ টকা, ৭.৬৮ কোটি টকাৰ সুৰা, ১.৪৬ কোটি টকাৰ সোণ ৰূপৰ সামগ্ৰী, ১০.১৮ কোটি টকাৰ গাঞ্জা আৰু ব্ৰাউন ছুগাৰ লগতে অন্য নিচা জাতীয় সামগ্ৰী জব্দ কৰা হৈছে।