মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ এদিন পূৰ্বে পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু এগৰাকী নিৰ্বাচনী বিষয়াৰ।
ভোটগ্ৰহণ কেন্দ্ৰলৈ গৈ থকা সময়ত দুৰ্ঘটনাত পতিত হৈ মৃত্যু ঘটে বিষয়াগৰাকীৰ।
পশ্চিম গাৰো পাহাৰৰ টিকৰিকিল্লাৰ সমীপত সংঘটিত হয় দুৰ্ঘটনাটো।
এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা পলিং বিষয়াগৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে।
নিহত পলিং বিষয়াগৰাকীৰ নাম চেছান মাৰাক বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, তুৰাৰ নিৱাসী চেছান মাৰাক গাম্বেগ্ৰে ব্লকত এমজিএনৰেগাৰ কাৰিকৰী সহায়ক হিচাপে কৰ্মৰত আছিল।
মেঘালয়ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত তেওঁক জাংৰাপাৰা ভোটগ্ৰহণ কেন্দ্ৰৰ পলিং অফিচাৰ হিচাৰি নিযুক্তি দিয়া হৈছিল।
শনিবাৰে নিশা বিষয়াগৰাকীৰ লগতে আন সকলক ভোট গ্ৰহণ কেন্দ্ৰলৈ লৈ যোৱাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে তেওঁলোকৰ বাহনখন।
এই দুৰ্ঘটনাত পলিং বিষয়াগৰাকীৰ লগতে দুজন লোক আহত হয়।
আহত দুয়োজনক প্ৰথামিক চিকিৎসা প্ৰদানৰ পিছত উন্নত চিকিৎসাৰ বাবে জিএমচিএইচত ভৰ্তি কৰোৱা হয় যদিও দেওবাৰে পুৱা মৃত্যু ঘটে চেছান মাৰাকৰ।
ইফালে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে চালকজনে।
নিৰ্বাচনৰ মাত্ৰ এদিন পূৰ্বে সংঘটিত এই ঘটনাই শোকৰ ছাঁ পেলাইছে।