নিৰ্বাচনী চমক: পশ্চিম গুৱাহাটীত ৮টা পথ-উপ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

57

গুৱাহাটী:- পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সমষ্টিটোৰ যাতায়ত ব্যৱস্থাৰ আন্ত:গাঁঠনি উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনিৰ অংশ হিচাপে ২০ আগষ্টত ধীৰেনপাৰাৰ পৰা কটাহবাৰীলৈ আঠোটা পথ-উপ পথৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ।

অসম চৰকাৰৰ এছ অ’ পি ডি ( জি ) শিতানত গড়কাপ্তানী পথ বিভাগৰ পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনত নিৰ্মাণ হবলগীয়া পথ কেইটা হল ক্ৰমে- কটাহবাৰী নিজৰা পথ, চুলতান আলী পথ, কৈলাশপুৰ পথ, সেউজ বন পথ, ধীৰেনপাৰা জ্যোতি পথ, চম্পকনগৰ পথ, চেনিৰাম কছাৰী পথ আৰু উচিৰাম বড়ো পথ ।

আনহাতে ক’ভিড প্ৰটকল বিধি মানি অঞ্চল সমূহৰ সীমিত সংখ্যক ৰাইজৰ উপস্থিতিত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মাংগলিক কাৰ্যৰ মাজত আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা প্ৰহ্লাদ কাকতি, সহকাৰে কাৰ্য্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকাকে ধৰি কেইবাজনো অভিযন্তা আৰু বিশিষ্ট লোক উপস্থিত থাকে।