পঞ্জাৱত নিৰ্বাচনী আচৰণ বিধি জাৰি হোৱাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে পঞ্জাৱ চৰকাৰে সলনি কৰিলে ৰাজ্যখনৰ আৰক্ষী সঞ্চালকপ্ৰধানক।
চৰকাৰে বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান সিদ্ধাৰ্থ চট্টোপাধ্যায়ক অব্যাহতি দি ভি কে ভৱৰাক নতুন ডিজিপি হিচাপে নিযুক্তি প্ৰদান কৰিছে।
প্ৰধানমন্ত্ৰী মোডীৰ নিৰাপত্তা বিসংগতিক লৈ উত্থাপিত অভিযোগ সন্দৰ্ভতো ডিজিপি সিদ্ধাৰ্থ চট্টোপাধ্যায়ক সোধা-পোছা কৰা হৈছিল।
পঞ্জাৱত নিৰ্বাচনী আচৰণ বিধি জাৰি কৰাৰ পূৰ্বেই পঞ্জাৱ চৰকাৰে আইপিএছ বিষয়াসকলৰ নাম ইউপিএছচি পেনেললৈ প্ৰেৰণ কৰিছিল। ইয়াৰ ভিতৰত, ভি.কে. ভৱৰাক নতুন ডি.জি.পি. হিচাপে নিযুক্তি দিয়া হৈছে। ভি কে ভৱৰা এজন ১৯৮৭ বেচৰ আইপিএছ বিষয়া। তেওঁ ভিজিলেন্স মুৰব্বী হিচাপেও কাম কৰিছিল।
দৰাচলতে, পঞ্জাৱত চৰকাৰ পৰিৱৰ্তনৰ লগে লগে কেপ্টেইন অমৰিন্দৰ সিঙৰ ঘনিষ্ঠ দিনকৰ গুপ্তাই জানিব পাৰিলে যে তেওঁক ডিজিপিৰ পদৰ পৰা আঁতৰাই দিয়া হ’ব, সেয়েহে তেওঁ ছুটিত গুচি যায়। তাৰ পিছত আইপিএছ সাহোতাক পূৰ্বে কাৰ্যবাহী ডিজিপি হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হয়। কিন্তু নৱজ্যোত সিং সিদ্ধুৰ আপত্তিৰ পিছত সিদ্ধুৰ ঘনিষ্ঠ আইপিএছ সিদ্ধাৰ্থ চট্টোপাধ্যায়ক ডিজিপিৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছিল।
পঞ্জাৱ চৰকাৰে ইউপিএছচিলৈ প্ৰেৰণ কৰা ১০ জন আইপিএছ বিষয়াৰ নামৰ পেনেলত অনুমোদিত ৩টা নামৰ ভিতৰত সিদ্ধাৰ্থ চট্টোপাধ্যায়ৰ নাম অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। সেয়েহে আচৰণ বিধি জাৰি কৰাৰ কেইঘণ্টামান আগতে, পঞ্জাৱ চৰকাৰে ভি কে ভানৱাৰাক পঞ্জাৱৰ নতুন ডিজিপি হিচাপে নিযুক্তি দিছে। যদি পঞ্জাৱ চৰকাৰে আচৰণ বিধি জাৰি কৰাৰ আগতে ডিজিপিৰ নাম নিৰ্ণয় নকৰিলেহেঁতেন, তেন্তে নিৰ্বাচন আয়োগে ডিজিপি নিযুক্ত কৰাৰ ক্ষমতা লাভ কৰিলেহেঁতেন।
