নিৰ্বাচনক লৈ বোকাখাত মহকুমাত প্ৰস্তুতি সম্পূৰ্ণ প্ৰশাসনৰ

58

 বিধানসভা নির্বাচনৰ প্ৰথম পৰ্য্যায়ৰ অধীনত ৯৩ নং বোকাখাত বিধানসভা সমষ্টিত অহা ২৭ মাৰ্চত হব লগীয়া ভোটগ্ৰহণৰ বাবে  বােকাখাত মহকুমা প্রশাসনে সকলোধৰণৰ যাৱতীয় প্ৰস্তুতি সম্পূর্ণ।প্রিজাইডিং আৰু পুলিং  বিষয়া আৰু মাইক্র অবজাৰভাৰ সকলে নিজ নিজ সা-সামগ্ৰী লৈ ৰাওনা হৈছে ভোটকেন্দ্ৰ সমূহলৈ । বােকাখাত নিৰ্বাচনী জিলাৰ ২১৬ টা ভােট গ্রহণ কেন্দ্রৰ বাবে ১৭ টা চেক্টৰত বিভক্ত কৰি ১৭ গৰাকী চেক্টৰ বিষয়াক দায়িত্ব দিয়াৰ লগতে লহৰে চাপৰিত ১ গৰাকী চাব-চেক্টৰ বিষয়াক নিযুক্তি দিয়া হৈছে ।  বােকাখাত নির্বাচনী জিলাৰ বাবে ২৩৮ গৰাকী প্রিজাইডিং, ৭১৪ গৰাকী পুলিং বিষয়া আৰু ২৪ গৰাকী মাইক্র অবজাৰভাৰ নিযুক্তি দিয়া হৈছে। উল্লেখযোগ্য যে, বােকাখাত নিৰ্বাচনী জিলাত ২৬ টা ভােট গ্রহণ কেন্দ্র কেৱল মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব আৰু ২ টা মডেল ভোটগ্ৰহণ কেন্দ্র হিচাপে গঠন কৰা হৈছে । চুড়ান্ত ভোটাৰ তালিকা অনুসৰি বােকাখাত নির্বাচনী জিলাত মুঠ ভােটাৰৰ সংখ্যা হৈছে ১.৪৭,৪৮৭ ।