নিৰাপত্তা বাহিনীৰ সফলতা

80

অশান্ত জৰ্জৰ মণিপুৰত উগ্ৰপন্থী আৰু অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে নিৰাপত্তা বাহিনীয়ে। থৌবাল আৰু কাকছিং জিলাত অভিযান চলাই নিষিদ্ধ ঘোষিত সংগঠনৰ পাঁচজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিছে নিৰাপত্তা বাহিনীয়ে।

অভিযানৰ সময়ত কাকছিং জিলাৰ পৰা ৪জন KYKL উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰাৰ লগতে থৌবাল জিলাৰ পৰা United Revolutionary Front (URF) ৰ এজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে নিৰাপত্তা বাহিনীয়ে।‌