নিৰাপত্তা বাহিনীৰ বৃহৎ অভিযান

88

ছত্তীশগড়ৰ বিজাপুৰত নিৰাপত্তা বাহিনীয়ে চলোৱা এক বৃ্হৎ নক্সালবাদ বিৰোধী অভিযানত নিহত হৈছে ৩১ জন নক্সালবাদী সদস্য। এই অভিযানত দুজন নিৰাপত্তাৰক্ষী জোৱানেও প্ৰাণ হেৰুৱাইছে। কেন্দ্ৰীয় গৃ্হমন্ত্ৰী অমিত শ্বাহে এই অভিযানৰ সফলতাৰ বিষয়ে উল্লেখ কৰি এক টুইট যোগে ২০২৬ চনৰ ৩১ মাৰ্চৰ পূৰ্বে নক্সালবাদক দেশৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল কৰা হ’ব বুলি হুংকাৰ দিয়ে।

অভিযানকাৰী দলটোৱে লগতে নক্সাল সদস্যসকলৰ পৰা AK-47, INSAS, BGL লঞ্চাৰকে ধৰি বহুতো অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছে। অৱশ্যে এই অভিযানত দুজন নিৰাপত্তাৰক্ষী জোৱানেও প্ৰাণ হেৰুৱাইছে।