নিৰবিচ্ছিন্ন সৰবৰাহৰ অৰ্থে ট্ৰাক চালক আৰু গুদামৰ কৰ্মচাৰীলৈ সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে টাটা মটৰ্ছে

76

দেশৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা টাটা মটৰ্ছে ৰাষ্ট্ৰজুৰি সকলো নৃত্যব্যৱহাৰ্য সা-সামগ্রীৰ যোগান অব্যাহত আৰু নিৰবিচ্ছিন্ন কৰি ৰখাৰ অৰ্থে পৰিবহণ প্ৰণালীটোক সৰ্বাত্মক সহযোগিতা আগবঢ়াইছে। অনাকাংক্ষিত এই সময়ত ট্ৰাক চালক,ক্ষুদ্ৰ পৰিবহণকাৰী, মজলীয়া পৰিবহণ কৰ্মী গুদামৰ গৰাকীসকলৰ সৈতে একেলগে কাম কৰিছে টাটা মটৰ্ছে। সমগ্ৰ টাটা মটৰ্ছৰ অভিযান নেটৱৰ্ক আৰু দেশৰ ভিন্ন প্ৰান্তৰ ব্যস্তময় ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথৰ দাঁতিত অৱস্থিত আন বহু ইণ্ডিয়ান অইলৰ ডিপোত সমগ্র দেশত খাদ্যৰ সৰবৰাহ কৰিবলৈ ফ্ৰণ্টলাইন কৰ্মী হিচাপে অৱতীৰ্ণ হোৱা ট্ৰাক চালক সকলৰ সৈতে ‘সাৰথি আৰাম কেন্দ্ৰ’ স্থাপন কৰা হৈছে। তদুপৰি লকডাউনৰ সময়ছোৱাত সমগ্ৰ দেশতে কাৰ্যকৰী হোৱাকৈ ট্ৰাক চালক আৰু পৰিবহণকাৰীৰ অৰ্থে সেৱা আগবঢ়াবলৈ ২৪×৭ হেল্পলাইন নম্বৰ ১৮০০ ২০৯ ৭৯৭৯ মুকলি কৰা হয়। তাৰোপৰি প্ৰয়োজনীয় মেৰামতি আৰু চাৰ্ভিচিং সহায় আগবঢ়াবলৈ নতুনকৈ নিৰ্ধাৰিত ষ্টেণ্ডার্ড অপাৰেটিং প্ৰচিডিয়ৰ ৰ জৰিয়তে যথা সাধ্য তৎকালীনভাৱে সহায় আগবঢ়াব পৰাকৈ ৱৰ্কশ্বপ সমূহ কাৰ্যকৰী কৰা হয়। এই সন্দৰ্ভত টাটা মটৰ্ছ লিমিটেডৰ চিভিবিইউৰ গ্ৰাহক সেৱাৰ গ্ল’বেল হেড আৰ ৰামকৃষ্ণণে কয়”-সকলোবোৰ যোগান অব্যাহতৰ জৰিয়তে দেশৰ চাকৰি ঘূৰাই ৰাখিবলৈ বিশেষ ভূমিকা পালন কৰা ট্ৰাক চালক আৰু পৰিবহণকাৰী সকলো ফ্ৰণ্টলাইনৰ কৰ্মী। এনে সময়ত তেওঁলোকৰ আৰু তেওঁলোকৰ বাহনৰ মেৰামতিৰ ক্ষেত্ৰত সকলো সম্ভৱপৰ সহায় আৰু সহযোগিতা কৰিবলৈ আমি বদ্ধপৰিকৰ” । আনহাতে, অৰ্থনৈতিক কাম -কাজ সমূহ সামগ্ৰিক ভাৱে যথেষ্ট সংকুচিত হৈ পৰাত ইয়াৰ তীব্ৰ প্ৰভাৱ গোটেই লজিষ্টিক খণ্ডটোৰ ওপৰত পৰাৰ পৰিপ্ৰেক্ষিতত টাটা মটৰ্ছ গ্ৰুপৰ অধীনস্থ টাটা মটৰ্ছ ফাইনেন্স এ ইয়াৰ সকলো খণ্ড আৰু বাহনৰ ৩,০০০ গ্ৰাহকৰে সংযোগ স্থাপন কৰি তেওঁলোকে মুখামুখি হোৱা মূল সমস্যাৰ বুজ লয়।